• নৃশংস আক্ৰমণ : কাবুল বিমানবন্দৰত নিহত ৮৫জন

    ৰাষ্ট্ৰীয়
    নৃশংস আক্ৰমণ : কাবুল বিমানবন্দৰত নিহত ৮৫জন

    কাবুল : একাধিক ইউৰোপীয় দেশে কাবুল বিমানবন্দৰত আক্ৰমণ সংঘটিত হোৱাৰ আশংকা প্ৰকাশৰ এদিনৰ পাছতে ভয়ংকৰ আক্ৰমণ সংঘটিত হ’ল। আত্মঘাতী বোমাৰুৱে ৰক্তাক্ত আক্ৰমণ সংঘটিত কৰিলে বিমানবন্দৰটোৰ বাহিৰত। ইছলামিক ষ্টেটৰ আত্মঘাতী বোমাৰুৱে সংঘটিত কৰা এই আক্ৰমণত ৮৫জনকৈ লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ১৩জনকৈ মাৰ্কিন সেনাৰ জোৱানো আছে। তালিবানে শাসন দখল কৰাৰ পাছত আফগানিস্তানত সংঘটিত হোৱা এয়া আটাইতকৈ ভয়ংকৰ আক্ৰমণ বুলি চিহ্নিত হৈছে।





    বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত বিমানবন্দৰৰ বাহিৰত দুটাকৈ ভয়ংকৰ আক্ৰমণ সংঘটিত হোৱাৰ লগতে গুলীবৰ্ষণো কৰে সন্ত্ৰাসবাদীৰ দলে। এই ভয়ংকৰ আক্ৰমণ সংঘটিত হোৱাৰ পাছত প্ৰচাৰ হোৱা ভিডিএঅ’ত দেখা গৈছে লোমহৰ্ষক দৃশ্য। বিমানবন্দৰটোৰ বাহিৰত মৃতদেহ সিচৰতি হৈ পৰি থকা দেখা গৈছে। তালিবানৰ স্বাস্থ্য বিভাগৰ এজন বিষয়াই প্ৰকাশ কৰে যে, এই আক্ৰমণত ২৮ জনৰো অধিক তালিবানৰ সদস্যৰো মৃত্যু হৈছে।





    আনহাতে, মাৰ্কিন প্ৰশাসনে সন্ত্ৰাসজৰ্জৰ দেশখনত কৰ্তব্যৰত ১৩জনকৈ সেনা জোৱানৰ মৃত্যু হোৱাৰ কথা প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে, তালিবানৰ শত্ৰু হিচাপে চিহ্নিত আইএছ সন্ত্ৰাসবাদীয়ে মাৰ্কিন সেনা আৰু তেওঁলোকৰ সহযোগীসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। উদ্বেগজনক কথাটো হৈছে যে দেশখনত এনে অধিক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে চোৰাচোৱাই। ৰকেট আক্ৰমণৰ লগতে বাহনত বোমা সংস্থাপন কৰি সন্ত্ৰাসবাদীয়ে আত্মঘাতী আক্ৰমণ চলোৱাৰ আশংকাও ব্যক্ত কৰা হৈছে। তালিবানৰ আগ্ৰাসনে অস্থিৰ কৰি ৰখা দেশখনত আইএছ সন্ত্ৰাসবাদীৰ এনে ভয়ংকৰ ৰূপ প্ৰকট হোৱাৰ লগে লগে দেশখনৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠাৰ আশংকাই দেখা দিছে।