Regional
কাবুলঃ আফগানিস্তানৰ কেইবাটাও উল্লেখযোগ্য অঞ্চল দখলৰ পাছত পঞ্জশীৰত থমকি ৰৈছে তালিবান। গৃহযুদ্ধৰ আশংকাৰ মাজতে পাক সেনাই আফগানিস্তানৰ পঞ্জশীৰ সীমান্তত সামৰিক অনুশীলন আৰম্ভ কৰাৰ কথা পোহৰলৈ আহিছে। জানিবলৈ পোৱা মতে, পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ অধীনত মধ্য এছিয়াৰ এখন ৰাজ্য কাজাখস্তানে যুটীয়াভাৱে এই সামৰিক অনুশীলনত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছে।
পাকিস্তানী সংবাদ মাধ্যমৰ খবৰ অনুসৰি, খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ পাব্বিস্থিত পাকসেনাৰ সন্ত্ৰাসবাদবিৰোধী সামৰিক প্ৰশিক্ষণ কেন্দ্ৰত এক যুটীয়া অনুশীলনৰ আৰম্ভণি কৰা হৈছে। পাকসেনাৰ বিশেষ বাহিনীৰ গোটসমূহে ‘দোস্তৰাম-৩’ নামৰ অনুশীলনত অংশগ্ৰহণ কৰিছে। উক্তস্থানত আধুনিক হেলিকপ্টাৰৰ লগতে পাকবাহিনীৰ নতুন অস্ত্ৰৰো সম্ভেদ পোৱা গৈছে। পাক সেনাবাহিনীয়ে দুৰ্গম অঞ্চলত দ্ৰুত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বাবেই সামৰিক অনুশীলন কৰি থকা হৈছে বুলি সদৰী কৰিছে। কিন্তু আফগানিস্তানৰ সাময়িক প্ৰেক্ষাপটৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জশীৰ সীমান্তত ‘দোস্তৰম-৩’ৰ সামৰিক অনুশীলনে প্ৰশ্নৰ অৱতাৰণা কৰা পৰিলক্ষিত হৈছে।
Leave A Comment