National
Three engineers and one student from Pune were recently victims of this internet fraud, resulting in a total loss of around Rs 36 lakh.
ডিজিটেল ডেস্কঃ পুনৰ সংঘটিত হৈছে ভয়াবহ নাও দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ ফলত অতি কমেও ১১ গৰাকীকৈ লোকৰ সলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে।ইতিমধ্যেই তিনি গৰাকী নিহতৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
খবৰ অনুসৰি মঙলবাৰে পুৱা প্ৰায় দহ বজাত মহাৰাষ্ট্ৰৰ অমৰাবতীৰ সমীপৰ শ্ৰীক্ষেত্ৰ বুঞ্জৰ পৰা নদীপাৰ হৈ নাওখন গৈ থকা অৱস্থাতেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।ডুবন্ত মানুহৰ আৰ্তনাদ শুনি কেইবাগৰাকীও গাঁওবাসীয়ে নদীত জঁপিয়াই পৰে।কিছুসংখ্যক লোকে ততাতৈয়াকৈ গৈ স্থানীয় আৰক্ষী থানাতো খবৰ দিয়ে।
আৰক্ষীয়ে উদ্ধাৰকাৰী দলৰ সহায়ত ওৰে দিন অভিযান চলাই আছে।অনুমান কৰা অনুসৰি বহনক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িওৱা বাবেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে।
ইফালে এই ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শোকপ্ৰকাশ কৰিছে।
Leave A Comment