• প্ৰথমে মাতৃক হত্যা, পিছত নিজ কোঠাৰ মজিয়াত পুঁতি থৈ দুবছৰ জ্বলালে ধুনা: আটক পাষাণ শ্বাহিদুলক

    ৰাষ্ট্ৰীয়
    প্ৰথমে মাতৃক হত্যা, পিছত নিজ কোঠাৰ মজিয়াত পুঁতি থৈ দুবছৰ জ্বলালে ধুনা: আটক পাষাণ শ্বাহিদুলক

    ডিজিটেল ডেস্ক:পুত্ৰই মাতৃক হত্যা কৰি মৃতদেহ পুঁতি থ’লে ঘৰৰেই মজিয়াত! কেৱল সেয়াই নহয়, সেই পিশাচে মাতৃৰ মৃতদেহ পুঁতি ৰখা কোঠাটোতে বাস কৰিলে দুটাকৈ বছৰ। আকৌ মৃতদেহ পুঁতি থোৱা মজিয়াখনৰ বিশেষ স্থানডোখৰত সি জ্বলাইছিল নিয়মিত ধূপ!
    আপোনাৰ হয়তো বিশ্বাস হোৱা নাই। কিন্তু এই ঘটনাই ঘটিছে মালদৰ কাচিয়লত। কাচিয়ল হ’ল বৰ্ধমান আৰক্ষী থানাৰ অন্তৰ্গত ।মৃত মহিলাগৰাকীৰ নাম সুক্ৰানা বিবি, আৰু হত্যাকাৰী পুত্ৰৰ নাম শ্বাহিদুল শ্বেখ। দুবছৰ পূৰ্বেই শ্বাহিদুলে মাতৃৰ মূৰত আঘাত কৰি হত্যা কৰিছিল। তাৰ পিছত প্ৰমাণ ধ্বংস কৰিবলৈ সি মৃতদেহটো কোঠাৰ মজিয়াতেই পুতি পেলায়। ইতিমধ্যেই শ্বাহিদুলক আটক কৰা হৈছে।
    মাতৃৰ সৈতে সৰু কথা এটাত হোৱা মতানৈক্যৰ বাবেই শ্বাহিদুলে তেওঁক হত্যা কৰিলে বুলি অনুমান কৰা হৈছে।উল্লেখ্য যে নিজ মাতৃ দহ দিন ধৰি সন্ধানহীন হৈ থকাৰ পিছত জ্যেষ্ঠ পুত্ৰ কিছমত আলীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।অৱশ্যে দীৰ্ঘকলীন অনুসন্ধানৰ অন্ততো দুৰ্ভগীয়া মাতৃগৰাকীৰ সন্ধান ওলোৱা নাছিল। অৱশেষত সন্দেহবশত: আৰক্ষীয়ে জেৰা কৰাত শ্বাহিদুলৰ পত্নীয়ে তেওঁৰ স্বামীৰ কুকৰ্মৰ কথা স্বীকাৰ কৰে। যি নহওঁক, মানৱতাক লজ্জানত কৰা এই ঘটনাই এতিয়া সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।