Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১সংখ্যক জন্মদিন একপ্ৰকাৰ উৎসৱৰ দৰে পালন কৰা হ’ল দেশত। শাসকীয় বিজেপিয়ে মহা আড়ম্বেৰে উদযাপন কৰিলে মোদীৰ জন্মদিন। নানা জনহিতকৰ পদক্ষেপো গ্ৰহণ কৰা হৈছে মোদীৰ ৭১সংখ্যক জন্মদিনটোত। কুৰিদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলগীয়া মোদীৰ জন্মদিনৰ প্ৰথমটো দিনতে ভাৰতে গঢ়িলে বিশ্ব ৰেকৰ্ড। প্ৰতিষেধক প্ৰদান অভিযানৰ ব্যাপক সাফল্যৰে এই অভিলেখ গঢ়িলে ভাৰতে। মোদীৰ জন্মদিন উপলক্ষে চৰকাৰে শুকুৰবাৰৰ দিনটোত টিকাককৰণ অভিযানক অধিক তীব্ৰতা দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। বিভিন্ন ঠাইত বিশেষ শিবিৰৰো আযোজন কৰা হৈছিল।
শুকুৰবাৰে প্ৰথমবাৰৰ বাবে দেশত প্ৰদান কৰা হ’ল ২.৫কোটি পালি প্ৰতিষেধক। শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই ভাৰতৰ এই ঐতিহাসিক সাফল্যৰ কথা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়েও প্ৰতিষেধক প্ৰদান অভিযানৰ এই সাফল্যক লৈ প্ৰতিজন দেশবাসী গৰ্বিত বুলি মত প্ৰকাশ কৰে। টুইটযোগে তেওঁ প্ৰতিগৰাকী চিকিৎসক, নাৰ্ছ, প্ৰশাসনীয় অধিকাৰী তথা সকলো ফ্ৰণ্ট লাইন কৰ্মীক এই সাফল্যৰ বাবে কৃতজ্ঞতা ব্যক্ত কৰে।
ক’ভিডক পৰাভূত কৰাৰ বাবে টিকাকৰণক অধিক গতি দিয়াৰ চেষ্টা অব্যাহত ৰাখিবলৈও মোদীয়ে আহ্বান জনায়। উল্লেখ্যে যে, মোদীৰ জন্মদিনৰ দিনটোত চৰকাৰে ২.৫ কোটি পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও এই লক্ষ্যতকৈ ১০,৩৯০ পালি অধিক প্ৰতিষেধক প্ৰদান কৰা সম্ভৱ হয়। উল্লখ্যে যে, এদিনতে প্ৰদান কৰা ক’ভিড প্ৰতিষেধকৰ ক্ষেত্ৰত এয়া এক বিশ্বৰেকৰ্ড। ইয়াৰ পূৰ্বে চীনে, বিগত জুন মাহত এদিনতে ২.৪৭কোটি পালি প্ৰতিষেধক প্ৰদান কৰিছিল। ভাৰতৰ এই সাফল্যৰ পাছত বিশ্ব স্বাস্থ্য সংস্থায়ো অভিনন্দন জ্ঞাপন কৰিছে।
Leave A Comment