• ভেৰগাঁৱত ছাত্ৰৰ ৰহস্যজনক মৃত্যু! সন্দেহৰ আৱৰ্তত পেহীয়েকৰ পুত্ৰ

    আঞ্চলিক
    ভেৰগাঁৱত ছাত্ৰৰ ৰহস্যজনক মৃত্যু! সন্দেহৰ আৱৰ্তত পেহীয়েকৰ পুত্ৰ
    ডিজিটেল ডেস্কঃ টংলাৰ ডাৱল মাৰ্ডাৰৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ একে ঘটনা সংঘটিত হ'ল ভেৰগাঁৱৰ শুক্লাইত। ডিমাকুছি থানাৰ অন্তৰ্গত শুক্লাইৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰক নিজ পেহীয়েকৰ ল'ৰাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত  মঙ্গলবাৰে সন্ধিয়া উত্তাল পৰিবেশৰ সৃষ্টি কৰি ৰাইজে।

    দোষীৰ শাস্তিৰ দাবীত উত্তেজিত লোকে প্ৰায় এঘণ্টা ওদালগুৰি-তামুলপুৰ পথ আৱদ্ধ কৰি ৰাখে। ঘটনা অনুসৰি শুক্লাইৰ সুধাংশু দাস আৰু অনিমা দাসৰ জেষ্ঠ্য পুত্ৰ তথা শুক্লাই নেহৰু মেমোৰিয়েল হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ জয়দেৱ দাস (১৬) ওৰফে জিন্তু দাসক  সৰস্বতী পুজাৰ দিনা হত্যা কৰাৰ সন্দেহ। 

    স্বৰস্বতী পূজা উপলক্ষে নিজৰ বিদ্যালয়ত ব্যস্ত থকাৰ সময়তে সন্ধিয়া জয়দেৱৰ পেহীয়েকৰ ল'ৰা তুষাৰ দাসে ফোন যোগে মাতি নাগ্ৰীজুলিলৈ লৈ যায়।  আত্মীয় লোকে মতা বুলি কৈ গৃহৰ পৰা ওলাই যোৱাৰ পৰা সন্ধানহীন হৈ আছিল জয়দেৱ দাস। স্বৰস্বতী পূজাৰ নিশা নাগ্ৰিজুলি আৰক্ষীয়ে এটা মন্দিৰৰ সমীপত জয়দেৱৰ মৃতদেহ উদ্ধাৰ কৰে। পাছত ঘটনাস্থলীত নাগ্ৰিজুলি আৰক্ষী উপস্থিত হৈ জয়দেৱৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে। 

    প্ৰথমতে এই ঘটনা দুৰ্ঘটনা হোৱা বুলি প্ৰচাৰ হৈছিল যদিও পিছত শৰীৰত আঘাতৰ চিহ্ন স্পষ্ট হোৱাত এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি পৰিয়াল, দল-সংগঠন আৰু স্থানীয় ৰাইজে অভিযোগ কৰে। মঙলবাৰে মৃতদেহ নিজ গৃহত আহি পোৱাৰ পাছত উত্তেজিত লোকে ওদালগুৰি-তামুলপুৰ আৱদ্ধ কৰাৰ লগতে অসম পুলিচ হায়-হায়, অসম পুলিচ গ' বেক, হত্যাকাৰীক ফাঁচী দিয়ক , হত্যাকাণ্ডৰ উচিত তদন্ত কৰক বুলি হত্যাকাৰীক ফাঁচীৰ দাবী জনায়। ঘটনাস্থলীত ডিমাকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহানন্দ ভূঞাৰ নেতৃত্বত যোৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে হত্যাকাণ্ডৰ লগত জড়িত দোষীক আটক কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।