Sports
নতুন দিল্লী : কোনো পৰীক্ষাগাৰৰ পৰা বিয়পা নাই কোভিড-১৯ মহামাৰী। বৰং বাদুলিৰ পৰা আন জীৱ-জন্তুৰ জৰিয়তে এই ৰোগ বিয়পাৰ পূৰ্ণ সম্ভাৱনা আছে। এইকথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থা আৰু চীনৰ বিশেষজ্ঞই যুটীভাৱে চলোৱা এটা অধ্যয়নত এইকথা প্ৰকাশ কৰিছে।
আৰু পঢ়িব পাৰিব : “NLFBত জড়িত আছে ৰাজনৈতিক নেতা” : সংবাদমেলত ভাস্কৰজ্যোতি মহন্ত
দ্য এছ’চিয়েট প্ৰেছে এই অধ্যয়নৰ বিষয়ে প্ৰকাশ কৰিছে। অধ্যয়নটোত লেবৰেটৰীৰ পৰা এই ভাইৰাছ বিয়পি পৰা বুলি কৰা ধাৰণাক নস্যাৎ কৰা হৈছে আৰু বাদুলীৰ পৰাই আন জীৱ-জন্তুৰ জৰিয়তে ই বিয়পি পৰাৰ সম্ভাৱনীয়তাৰ ওপৰত জোৰ দিয়া হৈছে।
আৰু পঢ়িব পাৰিব : জঘন্য ঘটনা : ধৰ্ষিতাক ধৰ্ষণকাৰীৰে বান্ধি উলিয়ালে সমদল
অৱশ্যে বহু প্ৰশ্নৰ উত্তৰ এই অধ্যয়নে দিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত এই সম্পৰ্কত অধিক অনুসন্ধান তথা গৱেষণা কৰাৰ প্ৰয়োজনীয়তাৰ কথাও কোৱা হৈছে।
Leave A Comment