• বিশিষ্ট সাহিত্যিক বুদ্ধদেৱ গুহৰ দেহাৱসান

    ৰাষ্ট্ৰীয়
    বিশিষ্ট সাহিত্যিক বুদ্ধদেৱ গুহৰ দেহাৱসান

    নতুন দিল্লী : বিশিষ্ট ঔপন্যাসিক তথা প্ৰখ্যাত লেখক বুদ্ধদেৱ গুহৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু প্ৰবীণ সাহিত্যিকগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত দক্ষিণ কলকাতাৰ বেলভিউ চিকিৎসালয়ত বৰেণ্য সাহিত্যিকগৰাকীৰ মৃত্যু হয়। জানিব পৰা মতে, চলিত বৰ্ষৰ এপ্ৰিল মাহত কৰ’নাত আক্ৰান্ত হৈছিল বৰ্ষীয়ান সাহিত্যিকগৰাকী। ৩১ জুলাইৰ পৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ। দীৰ্ঘ দিনৰ চিকিৎসাৰ পাছত কৰ’নাৰ পৰা মুক্ত হৈ তেওঁ নিজ গৃহলৈ উভতি গৈছিল।





    কিন্তু হঠাৎ তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হয়। চিকিৎসালয়ৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, ‘সাহিত্যিক গৰাকীয়ে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হোৱাৰ লগতে মূত্ৰনলীৰ সংক্ৰমণত ভুগিছিল। যকৃত আৰু বৃক্কৰ সমস্যায়ো দুৰ্বল কৰি তুলিছিল তেওঁক।’ দীৰ্ঘসময়ৰ পৰা দৃষ্টিশক্তিৰ সমস্যাত ভুগি থকা সাহিত্যিকগৰাকীয়ে বাৰ্ধক্যজনিত বিভিন্ন সমস্যাৰ সৈতে যুঁজ দি থকা বুলিও প্ৰকাশ কৰিছে চিকিৎসকে।





    ভালেমান কালজয়ী উপন্যাসৰ স্ৰষ্টা আছিল বুদ্ধদেৱ গুহ। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল, ‘জঙ্গল মহল’; ‘বাবলি’; ‘মাধুকৰী’; ‘কোজাগৰ’; ‘হলুদ বসন্ত’; ‘ফৰ এ লিটল ৱাৰ্মথ’; ‘কুমুদিনী’; ‘খেলা জব’; ‘চাংহাৰ গান’। সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অবদানৰ বাবে স্মৰণীয় হৈ ৰ’ব তেওঁ। উল্লেখ্য যে, ১৯৭৬ চনত সমাদৃত উপন্যাস ‘ইয়েলো স্প্ৰিং’ৰ বাবে ‘আনন্দ বঁটা’ লাভ কৰিছিল গুহই। কিশোৰ সাহিত্যলৈও তেওঁৰ অৱদান অনস্বীকাৰ্য্য। বৰণ্যে সাহিত্যিেক গৰাকীৰ মৃত্যুক দেশৰ সাহিত্য জগতত শোকৰ ছাঁ পৰিছে।