Lifestyle
নতুন দিল্লী : দেশৰ পৰবৰ্তী মুখ্য ন্যায়ধীশ হ’ব ন্যায়াধীশ এন ভি ৰামাণা । ন্যায়াধীশ এন ভি ৰমাণাক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। জানিব পৰা মতে, তেওঁ ২৪ এপ্ৰিলত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল'ব।
আৰু পঢ়িব পাৰিব : উত্তেজিত ভোটাৰক নিয়ন্ত্ৰণ কৰিবলৈ গৈ গুলী চালনা সুৰক্ষা বাহিনীৰ
ভাৰতৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ.এ. ব’বডে, ২৩ এপ্ৰিলত অৱসৰ গ্ৰহন কৰিব, যাৰ পৰিপ্ৰেক্ষিতত ন্যায়াধীশ ৰামাণাক তেওঁৰ উত্তৰাধিকাৰী হিচাপে পৰামৰ্শ দিছিল ব'বডে। ১৯৫৭ চনৰ ২৭ আগষ্টত অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ এটা কৃষি পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল ন্যায়াধীশ ৰামাণাই৷ দেশৰ ৪৮ সংখ্যক মুখ্য ন্যায়ধীশ হ’ব ন্যায়াধীশ এন ভি ৰামাণা ।
আৰু পঢ়িব পাৰিব : নিশা ১২ বজালৈকে আৰক্ষীৰ জিম্মাত থকা যুৱকৰ মৃতদেহ উদ্ধাৰ
২৬ আগষ্ট, ২০২২ লৈকে এবছৰ আৰু চাৰি মাহৰ বাবে দেশৰ শীৰ্ষ ন্যায়াধীশ হ'ব তেওঁ। তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰা হোৱা ভাৰতৰ দ্বিতীয় মুখ্য ন্যায়াধীশ ৷ অন্ধ্ৰ প্ৰদেশৰ পৰা হোৱা প্ৰথমগৰাকী ন্যায়াধীশ কে চুব্বা ৰাও (১৯৬৬-৬৭) ভাৰতৰ নৱমগৰাকী মুখ্য ন্যায়াধীশ আছিল।
Leave A Comment