ক্ৰীড়া
ছত্তীশগড় : “মই মোৰ দেউতাক বহুত ভাল পাওঁ! প্লিজ মাওবাদী আংক’ল মোৰ দেউতাক ঘৰলৈ সুকলমে পঠাই দিয়ক”- দেউতাকক বিচাৰি এজনী কণমানিয়ে কান্দি কান্দি কৰযোৰে হাতজোৰ কৰিছে৷ উল্লেখ্য যে, ৩ এপ্ৰিলত ছত্তীশগড়ত মাওবাদীৰে সংঘৰ্ষ হৈছিল নিৰাপত্তাৰক্ষীৰ৷
আৰু পঢ়িব পাৰিব :ব্যক্তিগত বাহনত অকলে থাকিলেও মাস্ক পিন্ধাটো বাধ্যতামূলক!
এই দুইপক্ষৰ সংঘৰ্ষত নিহত হৈছিল ২২গৰাকীকৈ নিৰাপত্তাৰক্ষী আৰু তাৰ মাজতেই ছত্তীশগড়ৰ মাওবাদী সংঘৰ্ষত অপহৃত হৈছিল এজন জোৱান৷ নিৰাপত্তাৰক্ষীৰ জোৱান ৰাকেশ্বৰ সিং হৈছিল অপহৃত৷ মাওবাদীয়ে প্ৰকাশ কৰিছে জোৱানজনৰ ফটো৷ জোৱানজন বৰ্তমান সুৰক্ষিত বুলিও জনাইছে মাওবাদীয়ে৷ জোৱানজনক উদ্ধাৰৰ বাবে মধ্যস্থতাকাৰী হৈছে ছোনী চাহি৷
আৰু পঢ়িব পাৰিব :শিখা শৰ্মাক দলবদ্ধ ধর্ষণ কৰাৰ ভাবুকি দিয়া বিজেপিৰ কৰ্মীক কিয় গ্ৰেপ্তাৰ কৰা নহ’লঃ ৰিপুন বৰা
মাওবাদীলৈ কাতৰ আহ্বান ৰাকেশ্বৰ সিঙৰ কন্যাৰ ‘মই মোৰ দেউতাক বহুত ভাল পাওঁ৷ প্লিজ মাওবাদী আংক’ল মোৰ দেউতাক ঘৰলৈ সুকলমে পঠাই দিয়ক৷ পাপাৰ পৰীজনীয়ে পাপাক মনত পেলাই কান্দিছে৷ ’
Leave A Comment