• শোকাৱহ : বজ্ৰপাতে প্ৰাণ কাঢ়িলে ১১জনকৈ লোকৰ

    ৰাষ্ট্ৰীয়
    শোকাৱহ : বজ্ৰপাতে প্ৰাণ কাঢ়িলে ১১জনকৈ লোকৰ

    জয়পুৰ : জয়পুৰত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। জয়পুৰৰ ঐতিহ্যক্ষেত্ৰ ১২শতিকাৰ আমেৰ পেচেলৰ সমীপত হোৱা বজ্ৰপাতত মৃত্যু হৈছে কমেও ১১জন লোকৰ। এই দুৰ্ঘটনাটোত আন ভালেমান লোক আঘাতপ্ৰাপ্ত হোৱা বুলিও জানিব পৰা গৈছে।ৰাজস্থানৰ ৰাজধানী চহৰখনৰ এই ঐতিহ্যক্ষেত্ৰৰ এটা ‘ওৱাটছ টাৱাৰ’ত উঠি এই লোকসকলে ছেলফী লৈ থকা অৱস্থাতে বজ্ৰপাতে তেওঁলোকৰ দেহত আঘাত কৰে।





    বৰষুণ দি থকাৰ সময়তো আমেৰ পেলেচৰ সমীপত সেই সময়ত ভালেমান লোক সমবেত হৈ আছিল বুলি প্ৰকাশ পাইছে। এটা লোকসকলৰ বহুতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ভয়তে ওৱাটছ টাৱাৰৰ পৰা তললৈ জপিয়াই দিয়াৰ ফলতো ভালেমান লোক আহত হয়। ওৱাটছ টাৱাৰটোত সেই সময়ত ২৭জন লোক থকাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে।





    মুখ্যমন্ত্ৰী অশোক গেহলটে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৫লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। আমেৰ পেলেচৰ উপৰি ৰাজ্যখনৰ আন স্থানতো বজ্ৰপাতত দেওবাৰৰ দিনটোত ৭টি শিশুসহ ভালেমান লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই লোকসকলৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে।