National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
মুম্বাই : 'সিদ-নাজ' নামেৰে জনপ্ৰিয় হৈ পৰা এই যুটি এতিয়া অসম্পূৰ্ণ৷ 'বিগ বছ-১৩'ৰ আৰম্ভণীৰ পৰাই বহুতৰ বাবে প্ৰিয় হৈ পৰিছিল এই যুটিটো৷ বৃহস্পতিবাৰে আকস্মিকভাৱে মৃত্যুক সাবটি লোৱা অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ নিথৰ দেহ সাৱটি ধৰি আকূলভাৱে মাতিছিল শ্বেহনাজ গীলে। মনৰ মানুহজনক জী তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল শ্বেহনাজে। সিদ্ধাৰ্থৰ মূৰটো কোলাত লৈ চিঞৰিছিল প্ৰেয়সী শ্বেহনাজে। কিন্তু ইতিমধ্যে সকলো শেষ হৈ গৈছিল।
সৰুপৰ্দাৰ জনপ্ৰিয় অভিনেতাজনৰ মৃত্যুৰ পূৰ্বে একমাত্ৰ ওচৰত আছিল শ্বেহনাজ। আজি সিদ্ধাৰ্থক শেষ শ্ৰদ্ধা জনাবলৈ গৈ কান্দোনত ভাগি পৰা শ্বেহনাজৰ এই মন্তব্য। অভিনেতাজনৰ সৈতে শ্বেহনাজৰ আত্মিক সম্পৰ্ক। বিগ বছ ১৩ত লগ পোৱাৰ পাছৰ পৰাই প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল দুয়ো। স্বাভাৱিকতে প্ৰেমিকৰ মৃত্যুক সহজে ল’ব পৰা নাই ৰূপহী অভিনেত্ৰীগৰাকীয়ে।
আজি সিদ্ধাৰ্থক শেষ শ্ৰদ্ধা জনাবলৈ গৈ বাউলী হৈ পৰিল শ্বেহনাজ। কান্দি কান্দি মাটিত বাগৰি পৰিছিল অভিনেত্ৰীগৰাকী। একেলগে কেইবাখনো ধাৰাবাহিকত অভিনয়ৰ স্মৃতি ৰোমন্থন কৰি কেৱল কান্দিলে শ্বেহনাজে। শোকাচ্ছন্ন শ্বেহনাজক বুজাব পৰা নাছিল তেওঁৰ ভাতৃয়েও।
Leave A Comment