Sports
Former India cricketer Salim Durani passed away on Sunday at the age of 88. The Kabul-born cricketer was known for his slow, left-arm orthodox style and hitting ability as a batsman...
ছাল'ন : হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত হোৱা এই দুৰ্ঘটনাত কমেও ৩৫জন লোক আহত হৈছে। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে হিমাচলৰ ছাল'ন জিলাত। দেওবাৰে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰি কৰিছে।
জাবলী-ধৰমপুৰৰ সমীপত এই দুৰ্ঘটন সংঘটিত হয়। তিনিজজন লোকে আৰোহন কৰি অহা এখন ট্ৰাকে ৩৫জন যাত্ৰীক কঢ়িয়াই নিয়া এখন বাছৰ পিছফালে খুন্দা মাৰি দিয়ে। বাছখন কালকা অভিমুখে গৈ আছিল।
এই দুৰ্ঘটনাত আহত হোৱা লোকসকলক ধৰমপুৰ অসামৰিক চিকিতসালয়ত ভৰ্তি কৰোঁৱা হৈছে। এটি শিশুকে ধৰি চাৰিজন আহতৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। তেওঁলোকক ছাল'নৰ এখন হাস্পতাললৈ স্থানান্তৰ কৰা হয়।
Leave A Comment