• ৰাজ্যসভাত ভাষণৰ মাজতে আজি হঠাৎ উচুপি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    ৰাষ্ট্ৰীয়
    ৰাজ্যসভাত ভাষণৰ মাজতে আজি হঠাৎ উচুপি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    নতুন দিল্লী: ৰাজ্যসভাত ভাষণৰ মাজতে আজি হঠাৎ উচুপি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ বিৰোধী পক্ষৰ বৰ্ষীয়ান নেতা গুলাম নবী আজাদৰ বিদায়ী ভাষণ দিবলৈ গৈ থোকাথুকি হ'ল প্ৰধানমন্ত্ৰীগৰাকীৰ মাত৷





    আৰু পঢ়িব পাৰিব : কৃষকৰ আন্দোলনত হিংসা বিয়পোৱা অভিনেতাক গ্ৰেপ্তাৰ





    উচ্চ সদনত উপস্থিত থকা কংগ্ৰেছ নেতা আজাদক প্ৰসংশাৰে ওপচাই নৰেন্দ্ৰ মোদী আৰু আজাদ ক্ৰমে গুজৰাট আৰু জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হৈ থকা কালত সংঘটিত এক ঘটনাৰ স্মৃতি ৰোমন্থন কৰে৷





    আৰু পঢ়িব পাৰিব : ক’ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল অত্যাধুনিক অস্ত্ৰ ?





    ১৫ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিবলগীয়া আজাদক সম্বোধন কৰি মোদীয়ে কয়, 'আপোনাক মই কেতিয়াও অৱসৰ ল'বলৈ নিদিওঁ৷ আপোনাৰ পৰামৰ্শ মই গ্ৰহণ কৰি থাকিম আৰু আপোনাৰ বাবে মোৰ দুৱাৰ সদায় খোলা থাকিব৷