• ৰাজ্যসভাৰ সাংসদ চন্দন মিত্ৰৰ দেহাৱসান: শোকস্তব্ধ ৰাজনৈতিক মহল

    ৰাষ্ট্ৰীয়
    ৰাজ্যসভাৰ সাংসদ চন্দন মিত্ৰৰ দেহাৱসান: শোকস্তব্ধ ৰাজনৈতিক মহল

    নতুন দিল্লী: বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা ৰাজ্যসভাৰ সাংসদ তথা সাংবাদিক চন্দন মিত্ৰৰ বুধবাৰে নিশা ৬৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। ৰাজ্যসভাৰ দুবাৰৰ সাংসদ গৰাকীয়ে জুন মাহত দ্য পায়’নিয়াৰ বাতৰি কাকতৰ মুদ্ৰক আৰু প্ৰকাশক পদৰ পৰা অব্যাহতি লৈছিল। তেখেতৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইট বৰ্তাযোগে শোক প্ৰকাশ কৰে।
    আনহাতে উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে চন্দন মিত্ৰৰ মৃত্যুক তেওঁৰ ‘ব্যক্তিগত ক্ষতি’ বুলি অভিহিত কৰে।






    নাইডুৱে নিজৰ টুইট বাৰ্তাত লিখে, “ ৰাজ্যসভাৰ প্ৰাক্তন সদস্য তথা প্ৰবীণ সাংবাদিক শ্ৰী চন্দন মিত্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছো। তেওঁ এগৰাকী অতিকে বিদগ্ধ আৰু সন্মানীয় সাংবাদিক আৰু সাংসদ আছিল। তেওঁৰ মৃত্যু মোৰ বাবে ব্যক্তিগত ক্ষতি। ওম শান্তি”!
    তেওঁৰ মৃত্যুত লোকসভাৰ সাংসদ তথা লেখক শশী থাৰুৰেও শোক প্ৰকাশ কৰে। মিত্ৰৰে নিজৰ নিকট বন্ধুত্বৰ কথা সোঁৱৰণ কৰে থাৰুৰে। উল্লেখ্য যে চন্দন মিত্ৰই ২০১৮ চনত বিজেপি দল ত্যাগ কৰিছিল আৰু মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjong