• ‘ডু নট টাট্ছ মাই ক্লথ’, ছ’চিয়েল মিডিয়াত হঠাত্‍ সৰব নাৰীশক্তি

    ৰাষ্ট্ৰীয়
    ‘ডু নট টাট্ছ মাই ক্লথ’, ছ’চিয়েল মিডিয়াত হঠাত্‍ সৰব নাৰীশক্তি

    কাবুলঃ আফগানভূমিত মাৰ যোৱা নাই আতংকৰ কলীয়া ডাৱৰ। তালিবানে চৰকাৰ গঠন কৰাৰ পাছতো বৰ্তি আছে আফগান নাগৰিকৰ মুক্ত প্ৰতিবাদ। বিশেষকৈ এই প্ৰতিবাদৰ মূল হোতা হৈ ওলাই আহিছে আফগান মহিলাসকল। নিতৌ ন-ন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আফগান মহিলাসকলে। শেহতীয়াকৈ প্ৰতিবাদৰ ভাষা হিচাপে বৰ্ণিল পোছাক পৰিধান কৰিছে তেওঁলোকে। ‘আমাৰ পোছাকত হস্তক্ষেপ নকৰিব’ বুলি তালিবানী শাসকক হুংকাৰ আফগান মহিলাৰ।





    আফগানভূমিত তালিবানীসকলে আসনত অধীস্থিত হোৱাৰ পাছতে সংগীত, ক্ৰীড়াৰ উপৰিও নাৰীৰ পোছাক পৰিধানক কেন্দ্ৰ কৰিও কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। শেহতীয়াকৈ, সামাজিক মাধ্যমযোগে তাৰে প্ৰতিবাদত সৰব হৈ পৰিছে আফগান মহিলাসকল। ‘ডু নট টাট্ছ মাই ক্লথ’ শিৰোনামেৰে কেম্পেইনৰ আৰম্ভণি কৰিছে তেওঁলোকে। আফগানিস্তানৰ সকলো পৰম্পৰাগত ৰঙীন পোছাক পিন্ধি সামাজিক মাধ্যমত বহুল প্ৰচাৰেৰে তালিবানী স্বৈৰাছাৰী শাসনক বুঢ়া আঙুলি দেখুৱাইছে তেওঁলোকে।





    ফেচবুক-টুইটাৰত 'মোৰ কাপোৰ স্পৰ্শ নকৰিব' বা 'আফগানিস্তান সংস্কৃতি' হেছ টেগ ব্যৱহাৰেৰে আফগান মহিলাসকলৰ নেতৃত্বত এই প্ৰতিবাদ পূৰ্ণ গতিত চলি থকা পৰিলক্ষিত হৈছে। আফগানিস্তানত দুটা দশকৰ পাছত পুনৰ মহিলাসকলৰ মুক্ত চলাচলৰ পথ সংকুচিত হৈ পৰাৰ সময়তে নিজৰ অগ্ৰাধিকাৰ সাব্যস্ত কৰিবলৈ এতিয়াও প্ৰচেষ্টা অব্যাহত ৰাখিছে তেওঁলোকে। নাৰীশক্তিৰ এই নৱজাগৰণে আফগানভূমিৰ সাময়িক পৰিস্থিতিৰ ওপৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjong