ডিজিটেল ডেস্কঃ মহাকুম্ভ অনুষ্ঠিত হোৱা প্রয়াগৰাজৰ ত্রিবেণী সংগমৰ পৰা অনা পানীৰে মঙলবাৰে ছট্টিশগড়ৰ বিভিন্ন কাৰাগাৰত থকা প্ৰায় ১৮,৫০০ কয়দীয়ে 'পৱিত্ৰ স্নান' কৰে।
ৰাজ্যখনৰ ৫খন কেন্দ্ৰীয় কাৰাগাৰ, ২০খন জিলা কাৰাগাৰ আৰু ৮খন উপ-কাৰাগাৰকে ধৰি মুঠ ৩৩খন কাৰাগাৰত স্থাপন কৰা বিশেষ 'কুণ্ড'ত এই 'পুণ্য স্নান' হয়। কাৰাগাৰ বিভাগৰ উপ-মহাপৰিদৰ্শক এছ এছ টিপ্পাই এই কথা জনায়।
প্ৰয়াগৰাজৰ পৰা অনা 'পৱিত্ৰ পানী' স্নানৰ পাত্ৰৰ পানীত মিলাই দিয়া হয়। এই স্নান কুণ্ডবোৰ ফুলেৰে সজোৱা হয় আৰু স্নানৰ আগত সকলোৱে প্ৰাৰ্থনা কৰে। উপ-মহাপৰিদৰ্শকজনৰ মতে এই কাৰ্যৰ উদ্দেশ্য আছিল কয়দীসকলক আধ্যাত্মিক শুচি অনুভৱ কৰোৱা তথা তেওঁলোকৰ মানসিক স্বাস্থ্য উন্নত কৰা।
আনহাতে এজন কয়দীয়ে এই সন্দৰ্ভত কয়, 'আমি ভাগ্যৱান যে আমি মা গংগাৰ জলেৰে পৱিত্ৰ স্নান কৰিব পাৰিলোঁ।'
উল্লেখ্য যে আজি মহা কুম্ভমেলাৰ সামৰণি পৰে। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল মহা কুম্ভমেলা। প্ৰচণ্ড শীতকো নেওচি ঠাণ্ডাত কঁপি কঁপি পৱিত্ৰ কুম্ভস্নান কৰিলে কোটি কোটি ভক্তই। প্ৰথমদিনাই কুম্ভমেলাত স্নান কৰিছিল ৫০ লাখ ভক্তই। ৪৫ দিনীয়া এই কুম্ভমেলাৰ সময়ত প্ৰায় ৬৫ কোটি ভক্ত প্ৰয়াগৰাজত সমবেত হয়। দেশী ভক্তৰ লগতে বৃহৎ পৰিমাণে বিদেশী ভক্তৰো আগমন ঘটিল মহা কুম্ভমেলাত।
Leave A Comment