ডিজিটেল ডেস্কঃ দিনকদিনে ৰাজ্যত বৃদ্ধি পাইছে এটাৰ পাছত এটাকৈ অপৰাধমূলক ঘটনা ৷শেহতীয়াকৈ কলকাতা ধৰ্ষন হত্যাকাণ্ডই কঁপাই তুলিছিল সমগ্ৰ দেশ ৷
গহপুৰৰ এক লজ্জাজনক ঘটনা ৷গহপুৰ গমিৰি গধৰীয়া বস্তিত ধৰ্ষনৰ অভিযোগত গ্ৰেপ্তাৰ বি জে পি নেতা, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা গমিৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সোমনাথ আৰ্জেল।
তেওঁৰ বয়স সত্তৰ বছৰ৷ জানিব পৰা মতে, এই জঘন্য ঘটনা সংঘটিত কৰাৰ দুদিন পূৰ্বে লোকজনে পবিত্ৰ মহাকুম্ভত স্নান কৰি আহিছিল। কিন্তু মহাকুম্ভৰ পৰা অহাৰ পাছতেই তেওঁ সংঘটিত কৰে এই জঘন্য কাণ্ড।
একেখন গাঁৱৰে এগৰাকী আঠবছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে লম্পট সোমনাথ অৰ্জেলৰ বিৰুদ্ধে। সত্তৰ বছৰ উৰ্দ্ধৰ লম্পট সোমনাথ অৰ্জেলে নাবালিকা গৰাকীক আমলখি খাবলৈ মাতি আনি তেওঁৰ নিজৰ ঘৰতে এই জঘন্য কাণ্ড সংঘটিত কৰে বুলি অভিযোগ নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকৰ।
নিশা লম্পট সোমনাথ আৰ্জেলৰ ঘৰৰ চৌহদত দোষীক কৰায়ত্তৰ দাবীত প্ৰতিবাদ মুখৰ হৈ পৰে ৰাইজ।অৱশেষত পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত লম্পট সোমনাথ আৰ্জেলক অন্য এঘৰত লুকাই থকা অৱস্থাত নিশাই আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়া অমিত কুমাৰ হোজাই আৰু হেলেম আৰক্ষীৰ এটি দলে আটক কৰিবলৈ সক্ষম হয় ।
হেলেম আৰক্ষীয়ে ইতিমধ্যে নাবালিকা গৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰন কৰে। স্থানীয় ৰাইজে লম্পট সোমনাথ অৰ্জেলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবী তুলিছে।
Leave A Comment