• ছ’চিয়েল মিডিয়াৰ ইতিবাচক দিশ আছে, প্ৰস্তুতিত মোৰ সহায় হৈছিল: ক’লে ইউপিএছচি উত্তীৰ্ণ ৱাৰ্দাহ খানে

    ৰাষ্ট্ৰীয়
    ছ’চিয়েল মিডিয়াৰ ইতিবাচক দিশ আছে, প্ৰস্তুতিত মোৰ সহায় হৈছিল: ক’লে ইউপিএছচি উত্তীৰ্ণ ৱাৰ্দাহ খানে
    ডিজিটেল ডেস্ক: সদ্যঘোষিত ইউপিএছচিৰ ফলাফলত নয়ডাত অধ্যয়ন কৰা ৱাৰ্দাহ খানে ১৮সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ মতে সফলতাৰ বাবে অবিৰতভাৱে পঢ়া-শুনা কৰাটো প্ৰয়োজনীয়, কোনো কোনো দিনত পঢ়াৰ সময় কম হ’ব পাৰে আৰু কিছুমান দিনত বেছি হ’ব পাৰে, কিন্তু অবিৰতভাৱে অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয়। মূলতঃ প্ৰয়াগৰাজৰ ৱাৰ্দাহ খানে নয়দাৰ ছেক্টৰ-৮২ৰ বিবেক বিহাৰত আত্মীয়ৰ সৈতে থাকি ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাইছিল। প্ৰথম প্ৰচেষ্টাত উত্তীৰ্ণ হ’ব নোৱাৰিলেও দ্বিতীয় প্ৰচেষ্টাত অল ইণ্ডিয়া ১৮সংখ্যক ৰেংক দখল কৰে।

    ৱাৰ্ডাহ খানে কয় যে তেওঁ ছ’চিয়েল মিডিয়া ইতিবাচকভাৱে ব্যৱহাৰ কৰি ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাইছিল। প্ৰথমে প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল, তাৰ পাছত মেইনছ আৰু ইন্টাৰভিউতো ভাল নম্বৰ পাইছিল। তেওঁ কয় যে তেওঁৰ অগ্ৰাধিকাৰ হৈছে বিদেশ সেৱাত যোগদান কৰা। প্ৰশিক্ষণ লোৱাৰ পাছত তেওঁ এনে কাম কৰিব যাতে দেশৰ ভাবমূৰ্তি পৃথিৱীত অধিক উজ্জ্বল হৈ উঠে।

    দৈনিক ৮ৰ পৰা ৯ ঘণ্টা পঢ়া-শুনা কৰি এই পদত অৰ্জন কৰা বুলি ৱাৰ্দাহে জনায়। ইউপিএছচি পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত তেওঁৰ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ যথেষ্ট সমৰ্থন আছিল, যিয়ে তেওঁক মাজে মাজে প্ৰেৰণা দি আছিল। তেওঁ প্ৰয়াগৰাজৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰিছে। দিল্লী বিশ্ববিদ্যালয়ৰ খালছা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কেইমাহমান কৰ্পৰেটত কাম কৰাৰ পাছত তেওঁ অসামৰিক সেৱাত যোগদান কৰাৰ সিদ্ধান্ত লয় আৰু দ্বিতীয় প্ৰচেষ্টাত তেওঁ অল ইণ্ডিয়া ৰেংক ১৮ দখল কৰে।

    ৱাৰ্ডাহ খানৰ মতে অবিৰতভাৱে পঢ়া-শুনা কৰাটো অতি প্ৰয়োজনীয়। তেওঁ কয় যে আজিৰ সময়ত ছ’চিয়েল মিডিয়া এনে এক মঞ্চ যাৰ জৰিয়তে যিকোনো বিষয়ৰ ওপৰত অতি সহজে প্ৰস্তুতি কৰিব পৰা যায়। তেওঁ কয়, ছ'চিয়েল মিডিয়াৰ নেতিবাচক আৰু ইতিবাচক দুয়োটা দিশ আছে। আমি ছ'চিয়েল মিডিয়াৰ পৰা আমাৰ কাম আগুৱাই যোৱা উচিত। মই প্ৰতিদিনে ৮ৰ পৰা ৯ ঘণ্টা পঢ়াৰ টাইম টেবুল বনাইছিলোঁ, পুৱাৰ বাতৰি কাকতৰ পঢ়াৰ পৰা আৰম্ভ কৰি সকলো টাইম টেবুলমতে কৰিছিলোঁ৷