• ৰুটি বেলিলে বিল গেটছে, ''ভাল হৈছে!’’- এইদৰে প্ৰশংসা কৰিলে নৰেন্দ্ৰ মোদীয়ে! কিন্তু ক’ত?

    ৰাষ্ট্ৰীয়
    ৰুটি বেলিলে বিল গেটছে, ''ভাল হৈছে!’’- এইদৰে প্ৰশংসা কৰিলে নৰেন্দ্ৰ মোদীয়ে! কিন্তু ক’ত?
    ডিজিটেল ডেস্কঃ ৰুটি বেলিছে বিল গেটছে আৰু প্ৰশংসা কৰিছে নৰেন্দ্ৰ মোদীয়ে। লগতে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপকলৈ মোডীৰ পৰামৰ্শ, "জোৱাৰ-বজৰা-ৰাগীৰে বহুতো সুন্দৰ খাদ্য সম্ভাৰ বনাব পাৰি। আপুনি চেষ্টা কৰিব পাৰে।''

    কিন্তু ক’ত মোদীয়ে গেটছক এইদৰে প্ৰশংসা কৰিছে? আচলতে সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তাত বিশ্বৰ অন্যতম চহকী ব্যক্তি বিল গেটছক আটাৰ ৰুটি বেলি থকা দেখা গৈছিল। এই ভিডিঅ'টোৰ তলতে প্ৰশংসাসূচক মন্তব্য লিখি 'স্মাইলী ইমোজি' দিলে মোদীয়ে।

    বিখ্যাত চেফ ইথান বাৰ্নাথে শেহতীয়াকৈ এটা ভিডিঅ’ টুইট কৰিছে। সেই ভিডিঅ’টোত গেটছ তেওঁৰ লগত আছে। ইয়াত চফটৱেৰ জগতখনৰ কিংবদন্তী বিল গেটছে আটাত পানী ঢালি ৰুটি বনোৱাৰ দৃশ্য দেখুওৱা হৈছে। সেই সময়ত  চেফ বাৰ্নাথে গেটছক সুধে- "আপুনি শেষবাৰৰ বাবে কেতিয়া ৰন্ধা-বঢ়া কৰিছিল, মনত আছেনে?" উত্তৰত গেটছে ক'লে, "যদি চুপক গৰম কৰাক ৰন্ধা বুলি কোৱা হয়, তেন্তে মই প্ৰতিদিনে কৰো।"

    সেই টুইটত বাৰ্নাথে কয় যে শেহতীয়াকৈ তেওঁ ভাৰতৰ বিহাৰলৈ গৈ ৰুটি বনোৱাৰ ৰহস্য জানিব পাৰিছে। সেই গোপন কথা গেটছৰ লগত শ্বেয়াৰ কৰা হৈছে।

    ভিডিঅ’টোৰ তলৰ মন্তব্যত মোদীয়ে গেটছক জনায় যে আটাৰ ৰুটিৰ উপৰিও ভাৰতৰ বাজৰাৰে বহু সুস্বাদু খাদ্য তৈয়াৰ কৰিব পাৰি। কাকতলীয়াকৈ কিছুদিন পূৰ্বে মোদীয়েও ২০২৩ চনক ‘বাজৰা (জোঁৱা-বাজৰা-ৰাগী) বছৰ’ বুলি ঘোষণা কৰিছিল। চৰকাৰী সূত্ৰ অনুসৰি, তেওঁৰ এই পদক্ষেপ হৈছে সেই খাদ্য শস্যসমূহক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ বাবে।