• মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজোৰা প্ৰতিবাদৰ পৰিকল্পনা

    ৰাষ্ট্ৰীয়
    মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজোৰা প্ৰতিবাদৰ পৰিকল্পনা

    ডিজিটেল
    ডেস্ক :
     মূল্যবৃদ্ধিৰ প্ৰতিবাদত
    সমগ্ৰ দেশজোৰা প্ৰতিবাদ গঢ়ি তুলিব ভাৰতীয় জাতীয় কংগ্ৰেছে। জানিব পৰা মতে অহা ৫
    আগষ্ট তাৰিখে এই প্ৰতিবাদ সাব্যস্ত কৰা হ’ব৷ জানিব পৰা মতে ৰাষ্ট্ৰপতি ভৱনৰ পৰা
    সংসদ ভৱনলৈকে এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ দলে৷
    প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীৰ গৃহ ঘেৰাও কৰাৰো পৰিকল্পনা কৰিছে
    কংগ্ৰেছে।



     কংগ্ৰেছৰ কাৰ্যকৰী
    সমিতিৰ সদস্য সকল আৰু জেষ্ঠ নেততসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷
    বিজেপিৰ কাৰ্যকালত
    ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেল, এলপিজিকে আদি কৰি আন অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ বৰ্ধিত
    মূল্যই অভিলেখ সৃষ্টি কৰিছে৷ মূল্যবৃদ্ধিৰ এই বোজা মধ্যবিত্ত শ্ৰেণীয়ে কঢ়িয়াব পৰা
    নাই আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডৰ ক্ৰমান্বয়ে অৱনতি ঘটিছে৷ কংগ্ৰেছ নেতা কেচি
    ভেনুগোপালে মন্তব্য কৰে যে এই দেশখন গ্ৰামাঞ্চল তথা নগৰাঞ্চল উভয়তে সৃষ্টি হোৱা
    সংস্থাপনহীনতাৰ সাক্ষী হৈছে৷আনহাতে নিৱনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে ঘোষণা কৰা
    অগ্নিপথ আঁচনিখন যথেষ্ট বিতৰ্কিত আৰু প্ৰত্যাহ্বানমূলক৷ লগতে এই আঁচনিয়ে দেশৰ
    যুৱপ্ৰজন্মৰ স্বপ্ন ভংগ কৰিছে৷’



     তথ্য অনুসৰি অহা
    সোমবাৰে অৰ্থাৎ ১ আগষ্টত মূল্যবৃদ্ধি সম্পৰ্কে সংসদত আলোচনা কৰা হ’ব৷ কংগ্ৰেছ আৰু
    আন বিৰোধী দলসমূহে চৰকাৰক মূল্যবৃদ্ধিৰ বাবে সমালোচনাৰ লক্ষ্য কৰি লৈছে৷ লগতে
    বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছে।