ডিজিটেল ডেস্ক
:
ভাৰতৰ স্বাধীনতা আছিল দীৰ্ঘকালীন সংগ্ৰামৰ ফল। বহু ব্যক্তিৰ ত্যাগ আৰু কষ্টৰ ফল।এই স্বাধীনতা সংগ্ৰামত সকলোৱে পুৰুষ-মহিলা নিৰ্বিশেষে অংশ গ্ৰহণ কৰিছিল৷ সেই সময়চোৱাত নাৰী শিক্ষাৰ তেনেই অভাৱ আছিল। তদুপৰি নাৰীসকল ঘৰুৱা কাম-কাজতে অধিকাংশ সময় ব্যস্ত আছিল। ৰাজহুৱা অনুষ্ঠানত মহিলাৰ অংশগ্ৰহণ আছিল তেনেই সীমিত। তৎস্বত্বেও দেশপ্ৰেমেৰে উদ্ধৃত হৈ বহু ভাৰতীয় মহিলা স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। আনকি বহুতে দেশৰ স্বাধীনতাৰ খাতিৰত নিজৰ প্ৰাণো হেৰুৱাইছিল৷ এই সকল মহিলাৰ সংগ্ৰামৰ ফলতেই ভাৰতত অস্ত গৈছিল “বেলি মাৰ নোযোৱা” বৃটিছ সাম্ৰাজ্যৰ সূৰ্য৷ স্ত্ৰী শিক্ষাৰ অভাৱ তথা নানান সামাজিক কুসংস্কাৰৰ মাজতো এই সকল মহিলা কেনেকৈ দেশৰ বাবে ওলাই আহিছিল সেইয়া আজিও ভাবিলে আচৰিত লাগে
অথচ , ইমান ত্যাগৰ বিনিময়তো আজিৰ প্ৰজন্মই নাজানে বহুগৰাকী স্বাধীনতা সংগ্ৰামী নাৰীৰ বিষয়ে৷ সময়ৰ গতিত তেওঁলোকৰ ত্যাগক ধূলিৎসা হ’বলৈ দিব নোৱাৰি ।সেয়ে আজি স্মৰণ কৰিছোঁ কেইগৰাকীমান বিশেষ মহিলাক, যাৰ ত্যাগে আজিও মহীয়ান কৰিছে ভাৰতবৰ্ষক।
আমু স্বামীনাথন: আমু স্বামীনাথনৰ জন্ম হৈছিল এক গোড়া হিন্দু পৰিয়ালত৷ ১৯১৭ চনত উইমেনন্স ইন্ডিয়া এশ্যোচিয়েচন গঠন কৰা হয়। প্ৰাক-স্বাধীন কালত তেওঁ সমাজ সংস্কাৰক আৰু এগৰাকী ৰাজনৈতিক বিশেষজ্ঞৰ ভূমিকা পালন কৰিছিল৷ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশ লৈ এবছৰ কাৰাবাসো খাটিছিল তেওঁ৷ ১৯৪৬ চনত তেওঁ মাদ্ৰাজৰ পৰা সংবিধান সভালৈ নিৰ্বাচিত হৈছিল আৰু ভাৰতীয়ভাৰত নাগৰিকক মৌলিক অধিকাৰ
প্ৰদানৰ সপক্ষে থিয় দিছিল।
দক্ষিণী বেলায়ুদান: ১৯১২চনৰ ৪ জুলাই তাৰিখে দক্ষিণী বেলায়ুদানে জন্মগ্রহন কৰে। স্বাধীনতা-পূর্ব কালত এগৰাকী মহিয়সী দলিত নেত্রী আছিল দক্ষিণী। দলিত সকলৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল দক্ষিণী বেলায়ুদানে। ১৯৪৫চনৰ কোচিনৰ আইন পৰিষদৰ সদস্য হৈছিল দক্ষিণী বেলায়ুদান। পৰৱৰ্তী সময়ত ১৯৪৬ চনত তেওঁ সংবিধান সভাৰ সদস্য ৰূপে নির্বাচিত হয়।
দুর্গাবাঈ দেশমুখ: জীৱনৰ প্ৰথম কালছোৱাত , ভাৰতীয় ৰাজনীতিৰ সৈতে জড়িত আছিল দুর্গাবাই ৷ ১২ বছৰ বয়সত তেওঁ ইংৰাজী ভাষা ভাৰতৰ শিক্ষানুষ্ঠানসমূহত প্রযোগৰ বিৰুদ্ধে প্ৰতিবাদ কৰে৷ আৰু স্কুল তেওঁ স্কুল ত্যাগ কৰিবলগীয়া হয়৷ নাৰীৰ বাবে হিন্দি শিক্ষা প্রচাৰৰ বাবে তেওঁ ৰাজামুন্দ্রিত বালিকা হিন্দি পাঠশালা আৰম্ভ কৰিছল। ভাৰতৰ সংবিধান পৰিষদ আৰু ভাৰতেৰ পৰিকল্পনা আয়োগৰো তেওঁ সদস্য আছিল৷ ১৯৩০ চনত দাণ্ডি যাত্ৰাতো অংশ লৈছিল দুর্গাবাঈ দেশমুখে। ১৯৩৬চনত তেওঁ অন্ধ্র মহিলা সভা গঠন কৰে। তেওঁ সংসদ আৰু পৰিকল্পনা আয়োগৰ সদস্য আছিল৷ ১৯৭৫ চনত তেওঁক পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হয় ।
লীলা ৰায় : লীলা ৰায় আছিল পেছাত এগৰাকী সাংবাদিক। ৰজনৈতিক আন্দোলনত তেওঁ ওতঃপ্ৰোতভাৱে জড়িয়ে আছিল৷ ১৯২১ চনত তেওঁ কলকাতাৰ বেথুন কলেজৰ পৰৰ বি.এ. পাছ কৰে৷ পৰীক্ষাত তিনি গৰাকী মহিলাৰ ভিতৰত তেওঁ প্রথম স্থান অধিকাৰ কৰিছিল৷ লগতে পদ্মাবতী স্বর্ণ পদকো লাভ কৰিছিল। সেই সময়ছোৱাত সহশিক্ষাৰ কোনো ব্যৱস্থা নাছিল৷ লীলা ৰায়ৰ মেধা আৰু তীব্ৰ স্পৃহা দেখি ঢাকা বিশ্ববিদ্যালয়ৰ তৎকালীন ভাইস চেন্সেলৰ ডঃ হার্টছে তেওঁক পঢ়িবলৈ অনুমতি প্ৰদান কৰিছিল৷ তেওঁ আছিল ঢাকা বিশ্ববিদ্যালয়ৰ প্রথম গৰাকী এমএ ডিগ্রিধাৰী৷ লগতে তেওঁ স্বাধীনতা সংগ্ৰামৰ এগৰাকী নেত্ৰীও আছিল৷ ১৯৪১ চনত নেতাজিৰ অন্তর্ধানৰ পিছত তেওঁ স্বামীৰ সৈতে লগ লাগি উত্তৰ ভাৰতৰ ফৰৱার্ড ব্লক সংগঠনৰ দায়িত্ব লয়৷মহিলা সমাজেৰ মুখপাত্ৰ হিচাপে তেওঁ ১৯৩১ চনৰ মে মাহত “জয়শ্রী” নামে এখন মাহিলী আলোচনী চপা কৰি উলিয়াই। ১৯৪৭ চনত তেওঁ জাতীয় মহিলা সমিতি গঠন কৰে৷
ৰাজকুমাৰী অমৃত কউৰ : ভাৰতৰ প্রথম গৰাকী স্বাস্থ্যমন্ত্রী আছিল ৰাজকুমাৰী অমৃত কৌৰ। তেওঁ এগৰাকী বিখ্যাত গান্ধিবাদী, মুক্তিযোদ্ধা তথা সামাজিক কর্মী হিচাপে কাম কৰিছিল ৷ লগতে সংবিধান সভাৰো সদস্য আছিল ।ৰাজা হৰনাম সিং, গোপালকৃষ্ণ গোখলে আৰু অন্যান্য কংগ্রেছ নেতাৰ আস্থাভাজন আছিল। ১৯১৯ চনত মুম্বাইত মহাত্মা গাধীক তেওঁ ব্যক্তিগতভাবে সাক্ষাৎ কৰে৷ আৰু ১৯২৭ চনত অল ইন্ডিয়া উইমেন্স কনফাৰেন্স প্রতিষ্ঠা কৰে। ১৯৪২ চনত তেওঁ ভাৰত ত্যাগ আন্দোলনে অংশ লৈ দ্বিতীয়বাৰৰ বাবে জেললৈ যায়৷। ১৯৪৫ আৰু ১৯৪৬ চনত ভাৰতীয় প্রতিনিধি দলেৰ সদস্য হিচাপে জাতিসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা সন্মিলনত তেওঁ যোগদান কৰে৷
Leave A Comment