ডিজিটেল ডেস্ক : ইংলেণ্ড ভ্ৰমণৰ আগে-আগে ভাৰতীয় দলৰ বাবে এটা দুঃসংবাদ। তিনিখনতকৈ অধিক টেষ্ট খেলিব নোৱাৰিব বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডক (বি চি চি আই) অৱগত কৰিছে বেগী বলাৰ যশপ্রীত বুমৰাহে। এই বাতৰি প্ৰকাশ কৰিছে এখন ৰাষ্ট্ৰীয় সংবাদপত্রই। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ মাটিত বুমৰাহে ৫খন টেষ্টতেই খেলিছিল। কিন্তু শেষৰখন টেষ্টৰ সময়ত তেওঁ আঘাতপ্রাপ্ত হৈছিল। সেই আঘাতৰ বাবেই বুমৰাহে চেম্পিয়নছ ট্রফীত খেলিব নোৱাৰিলে।
চলি থকা আই পি এলতো তেওঁ আৰম্ভণিতে খেলা নাছিল। আঘাতৰ পৰা সুস্থ হৈ খেলপথাৰলৈ উভতি আহিলেও একেৰাহে পাঁচখন টেষ্ট খেলাৰ বোজা লোৱাটো তেওঁৰ বাবে সম্ভৱ নহ'ব। সেইবাবেই বুমৰাহে ইংলেণ্ডত তিনিখনতকৈ অধিক টেষ্ট খেলিব বিচৰা নাই। অষ্ট্ৰেলিয়া ভ্রমণত ভাৰতীয় দলৰ বলিং আক্রমণত নেতৃত্ব দিছিল বুমবাহে। ৰোহিত শৰ্মাৰ অনুপস্থিতিত প্রথম আৰু অন্তিম টেষ্টত তেওঁ নেতৃত্বৰ দায়িত্ব চম্ভালিছিল। শেহতীয়াকৈ ৰোহিতে টেষ্টৰ পৰা অৱসৰ লয়। পিছে ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাত বুমৰাহক অধিনায়ক হিচাপে দেখা নোপোৱাৰ সম্ভাৱনাই অধিক।
বুমৰাহক অধিনায়ক হিচাপে নিযুক্তি নিদিয়াৰ আঁৰৰ মূল কাৰণ নিশ্চিতভাৱেই তেওঁ পাঁচখন টেষ্টত খেলি নোৱাৰে। ইফালে, ভাৰতৰ নতুন অধিনায়ক হোৱাৰ দৌৰত আছে শুভমন গীল। অৱশ্যে, ইয়াৰ পূৰ্বে ভাৰতীয় টেষ্ট দলক তেওঁ কেতিয়াও নেতৃত্ব দিয়া নাই। শুভমন হৈছে বগা বলৰ ক্ৰিকেটত ভাৰতৰ সহঃঅধিনায়ক। টেষ্টত তেওঁ যদি অধিনায়ক হয়, তেন্তে সহঃ অধিনায়ক হ'ব পাৰে ঋষভ পন্ট। ইয়াৰ পূৰ্বে শুভমন আৰু পন্টে ভাৰতৰ টি-২০ দলক নেতৃত্ব দিছিল। অৱশ্যে, উভয়েই টেষ্ট দলৰ নিয়মীয়া সদস্য।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment