ডিজিটেল ডেস্কঃ পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত সকলো পাকিস্তানী নাগৰিকক ভাৰত ত্যাগৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে নির্দেশ দিয়াৰ পাছতে হাহাকাৰ লাগিছে ভাৰতত থকা পাকিস্তানী হিন্দু শৰণাৰ্থীসকলৰ মাজত।
পাকিস্তানত হিন্দু সংখ্যালঘুসকলক কৰা অকথ্য নিৰ্যাতনৰ কথা মনত পেলাই পাকিস্তানী হিন্দু শৰণাৰ্থীসকল চিন্তিত হৈ পৰিছে। ভাৰতে ইতিমধ্যে পাকিস্তানী নাগৰিকসকলক ভাৰত ত্যাগৰ বাবে দেওবাৰলৈকে চূড়ান্ত সময়সীমা বান্ধি দিছে। অৱশ্যে, দীর্ঘদিনৰ ভিছা লৈ ভাৰতত থকা পাকিস্তানী হিন্দু শৰণাৰ্থীসকলে এই বিষয়ত চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু যিসকল হিন্দু শৰণার্থীয়ে হ্রস্বম্যাদী ভিছা লৈ ভাৰতত আছে সেইসকলৰ ক্ষেত্ৰত সকাহ প্রদান কৰা নাই ভাৰত চৰকাৰে।
এইসকল হিন্দু শৰণাৰ্থীয়ে পুনৰ পাকিস্তানলৈ উভতি গ'লে তেওঁলোকৰ জীৱন সংকটাপূর্ণ হোৱাৰ আশংকা কৰিছে। ৰাজস্থানৰ জয়ছালমেৰত থকা এটা শৰণাৰ্থী কলনিৰ বাসিন্দাসকলে সংবাদমাধ্যমক তেওঁলোকৰ শংকা ব্যক্ত কৰিছে। বাঘা-আটাৰী সীমান্তয়েদি ভাৰতত প্ৰৱেশ কৰা মূলসাগৰ গাঁওস্থিত 'একলব্য ভিল বস্তি'ত বাস কৰি থকা এহেজাৰ হিন্দু শৰণার্থীয়ে হাম্বম্যাদী ভিছা লৈ ভাৰতত বাস কৰি আছে। কিন্তু ২৭ এপ্রিল তাৰিখ ভাৰত ত্যাগৰ অন্তিম সময়সীমা হোৱাত তেওঁলোক উদ্বিগ্ন হৈ পৰিছে।
নিৰৱচ্ছিন্ন নিৰ্যাতনৰ পাছত খেতুৰামে পৰিয়ালসহ পেহেলগাম-কাণ্ডৰ কেইঘণ্টামান পূর্বেহে পাকিস্তানৰ সিন্ধু প্রদেশৰ পৰা আহি ভাৰতত উপস্থিত হৈছিল। খেতুৰামে সাংবাদিকক কয় যে 'নৰক-সদৃশ পাকিস্তানলৈ তেওঁ পুনৰ কেনেকৈ ঘূৰি যাব। তেওঁ কয়, 'ভাৰততে মৰিম, কিন্তু নৰক-সদৃশ পাকিস্তানলৈ ঘূৰি নাযাওঁ।' তদুপৰি, একলব্য বস্তিৰ এনেকুৱা উদাহৰণ আৰু বহুত আছে। বস্তিটোৰ হিন্দু শৰণাৰ্থীসকলে তেওঁলোকৰ বিষয়টো বিবেচনা কৰিবলৈ প্রধানমন্ত্রী মোদীক আহ্বান জনাইছে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment