• ৪১ কোটিলৈ হ্ৰাস পাব ভাৰতবৰ্ষৰ জনসংখ্যা, কিন্তু কেনেকৈ ?

    ৰাষ্ট্ৰীয়
    ৪১ কোটিলৈ হ্ৰাস পাব ভাৰতবৰ্ষৰ জনসংখ্যা,  কিন্তু কেনেকৈ ?

    ডিজিটেল ডেস্ক : ভাৰতবৰ্ষ বিশ্বৰ
    দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ। কিছুদিন পাছতেই ভাৰতবৰ্ষই জনসংখ্যাৰ ক্ষেত্ৰত চীন
    দেশকো অতিক্ৰম কৰাৰ আশংকা আছে৷ কিন্তু এই বৃহৎ জনসংখ্যা অহা ৭৮ বছৰত ৪১ কোটিলৈ অৱনমিত
    ব। দেশ
    এখনৰ জনসংখ্যা যিমানেই বৃদ্ধি হ
    ব সিমানেই দেশৰ নাগৰিকৰ বাবে সম্পদৰ পৰিমাণ কমিব। এক গৱেষণাত
    এই তথ্য প্ৰকাশ পাইছে৷



     ষ্টেনফৰ্ডৰ এক গৱেষণাই প্ৰকাশ কৰিছে
    যে যেতিয়া জনসংখ্যাৰ বৃদ্ধি নকাৰাত্মক হয় তেতিয়া জনসাধাৰণৰ জীৱন ধাৰণৰ প্ৰণালী লাহে
    লাহে অৱনমিত হয়৷ নিশ্চিতভাৱে এয়া এক ভয়ংকৰ পৰিস্থিতি৷ ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিছু বছৰ
    পাছতেই হ্ৰাস হ
    ব বুলি
    জানিব পৰা গৈছে৷ ভাৰতবৰ্ষ আৰু চীন দেশৰ জনসংখ্যা প্ৰায় সমানেই যদিও দুয়োখন ৰাষ্ট্ৰৰে
    জনসংখ্যাৰ ঘনত্ব পৃথক৷



     ভাৰতবৰ্ষত প্ৰতি কিলোমিটাৰত ৪৭৬জন
    লোকে বসবাস কৰে৷ চীনত প্ৰতি কিলোমিটাৰত বাস কৰে ১৪৮জন লোকে৷ কিন্তু অহা ২১০০ বৰ্ষত
    প্ৰতি কিলোমিটাৰত এই ঘনত্ব ৩৩৫জনলৈ হ্ৰাস পাব বুলি আশা কৰা হৈছে৷ লগতে Popular
    Division of United Nationsৰ এক প্ৰকল্পৰ জৰিয়তে জানিব পৰা গৈছে যে ২১০০ বৰ্ষত ভাৰতৰ
    জনসংখ্যা ১০০.১ কোটি হ
    বগৈ



     আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ
    ক্ষেত্ৰতো একেই পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি জানিব পৰা গৈছে৷ ২১০০ বৰ্ষলৈ চীনৰ জনসংখ্যা
    মাত্ৰ ৪৯.৪ কোটি হ
    বগৈ৷



     অনাগত বৰ্ষসমূহত মানুহৰ জননক্ষমতা
    হ্ৰাস হোৱাৰ ফলতেই  জনসংখ্যাৰো ঘনত্ব কমিব বুলি
    আশা কৰা হৈছে৷ ভাৰতীয় মহিলাৰ  জননক্ষমতা ১.
    ৭৬ৰ পৰা ২০৩২ চনত ১.৩৯ শতাংশলৈ হ্ৰাস পাব আৰু ২০৫২ চনত ১.২৮ শতাংশলৈ ,২০৮২ চনত ১.২
    শতাংশ আৰু ২১০০ চনত ১.১৯ শতাংশ হ
    বগৈ৷ আনহাতে ২০৫০ চনলৈকে সমগ্ৰ বিশ্বত জননক্ষমতা ০.৫ শতাংশলৈ
    হ্ৰাস পাব বুলি অনুমান কৰা হৈছে৷ দেশ এখন ধনী হোৱাৰ লগে লগে বিভিন্ন কাৰকৰ ফলত দেশখনৰ
    মহিলাৰ জননক্ষমতা হ্ৰাস পায় বুলি ষ্টেনফৰ্ডৰ গৱেষণাত প্ৰকাশ পাইছে৷