• অস্কাৰ লাভৰ দিশে নাটু নাটু গীতটি

    ৰাষ্ট্ৰীয়
    অস্কাৰ লাভৰ দিশে নাটু নাটু গীতটি
    ডিজিটেল ডেস্কঃচলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলিৰ "আৰ আৰ আৰ"-এ মঙলবাৰে ছবিখনৰ গীত "নাটু নাটু"ৰ জৰিয়তে সৰ্বশ্ৰেষ্ঠ মূল গীত শ্ৰেণীত অস্কাৰৰ মনোনয়ন (Oscars 2023 Nominations) লাভ কৰি ইতিহাস সৃষ্টি কৰে।


    ছবিখনৰ অফিচিয়েল ৱেবছাইটৰ টুইটাৰ হেণ্ডেলত টুইট কৰি কোৱা হৈছে- ''আমি ইতিহাস সৃষ্টি কৰিছোঁ। এয়া জনাবলৈ পাই গৰ্বিত আৰু সুখী হৈছোঁ যে নাটু নাটু (RRR song Naatu Naatu)ক ৯৫সংখ্যক একাডেমী বঁটাৰ বাবে শ্ৰেষ্ঠ মৌলিক গীতৰ বাবে মনোনীত হৈছে।"


    উল্লেখ্য, চলিত মাহৰ আৰম্ভণিতে গীতটোৰ বাবে কীৰাৱনীয়ে গোল্ডেন গ্ল’বৰ লগতে ক্ৰিটিক চইছ এৱাৰ্ডো লাভ কৰে। ছবিখনে শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত আন ক্ৰিটিক চইছ এৱাৰ্ড লাভ কৰিছে।