• অসমৰ সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণ ভূঞাক পদ্মশ্ৰী প্ৰদান কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে, উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ৫ গৰাকী ব্যক্তিক পদ্মশ্ৰী প্ৰদান

    ৰাষ্ট্ৰীয়
    অসমৰ সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণ ভূঞাক পদ্মশ্ৰী প্ৰদান কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে, উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ  ৫ গৰাকী ব্যক্তিক পদ্মশ্ৰী প্ৰদান
    ডিজিটেল ডেস্কঃ ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত অনুষ্ঠিত অসামৰিক সন্মান প্ৰদানৰ গাম্ভীর্যপূর্ণ অনুষ্ঠানত  অন্যান্য শিতানত (কৃষি) শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী আৰু অসমৰ কলা-সংস্কৃতিৰ  ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰী দ্ৰোণ ভূঞাক পদ্মশ্ৰী প্ৰদান কৰে।

    সৰ্বেশ্বৰ বসুমতাৰী 

    সৰ্বেশ্বৰ বসুমতাৰী   অসমৰ চিৰাং জিলাৰ মীন বিভাগৰ পৰামৰ্শদাতা পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা এগৰাকী  বিশিষ্ট কৃষক। তেওঁ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু চিৰাং জিলাৰ উদ্যান শস্যৰো সদস্য। ২০১৭ চনৰে পৰা  তেওঁ বৰদৈচিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডত  উদ্যোগী হিচাপে কাম কৰি আছে। ১৯৬২  চনৰ ৮ এপ্ৰিলত জন্মগ্ৰহণ কৰা শ্ৰী বসুমতাৰীয়ে বাগিদ্বাৰ এল.পি. বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে শিক্ষা লাভ কৰিছিল। ১৩  বছৰ বয়সত তেওঁ ধনশ্ৰীমুখৰ বোকাখাতলৈ গৈছিল আৰু কৃষক  হিচাপে  মাটি চহোৱাৰ কাম কৰিছিল। ১৯৮৪ চনত তেওঁ চিপনচিলালৈ ঘূৰি আহে আৰু খেতি-বাতি কৰা আৰম্ভ কৰে। পিছত তেওঁ ভুটিয়াপাৰালৈ স্থানান্তৰিত হয়, আৰু জমিদাৰসকলৰ মাটিত  খেতি কৰিবলৈ আৰম্ভ কৰে।
     বসুমতাৰীয়ে ১৯৯৫-৯৬  চনত নিজাববীয়াকৈ  এটুকুৰা মাটি ক্ৰয় কৰে  আৰু ১৯৯৬  চনত তেওঁ  বিজনী মহকুমা কৃষি বিভাগৰ  কাৰ্যালয়ত কৃষিৰ বিষয়ে  প্ৰশিক্ষণ গ্ৰহণ কৰে।কৃষি বিভাগৰ  পৰামৰ্শ আৰু নিৰ্দেশনা লাভ কৰি পাণবাৰী কল উৎপাদক সমাজৰ সভাপতি হিচাপে শ্ৰী বসুমতাৰীয়ে বহু  আঁচনি ৰূপায়ণ কৰে আৰু সন্তোষজনকভাবে  কল, কমলা আৰু আনাৰস উৎপাদন কৰে। 


    ২০০৭ চনত তেওঁ মাছ খেতিৰ প্ৰশিক্ষণ লাভ গ্ৰহণ কৰে । তেওঁ অন্ধ্ৰ প্ৰদেশ, ওড়িশা ,  পশ্চিম বংগ আৰু বিদেশ ভ্ৰমণো  কৰে। তেওঁ কলকাতাৰ কল্যাণী বিশ্ববিদ্যালয়ৰ পৰা উদ্যানশস্যৰ প্ৰশিক্ষণো লাভ কৰে।
     বসুমতাৰীয়ে কৃষিক্ষেত্ৰত আগবঢ়োৱা উত্তম কৰ্মৰ বাবে  অসংখ্য বঁটা আৰু সন্মানেৰে সন্মানিত হৈছে। তেওঁ ২০১৫ চনত বস্ত্ৰ মন্ত্ৰালয়ৰ বাংগালুৰুৰ কেন্দ্ৰীয় ৰেচম পৰিষদৰ দ্বাৰা উদ্যানশস্যত উৎকৃষ্টতাৰ বঁটা লাভ কৰিছিল। তেওঁ ২০২২-২৩ চনত অসমৰ ৰাজ্যপালৰ হাতৰ পৰা  অসম গৌৰৱ আৰু ২০২২ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰিছিল। তেওঁ ২০০৫ চনত কোকৰাঝাৰৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মীন বিভাগৰ পৰাও  বঁটা লাভ কৰিছিল; ২০১০ চনত বিটিচিৰ কৃষি সঞ্চালক,  কোকৰাঝাৰৰ পৰা ; ২০১০  চনত গুৱাহাটীৰ কৃষি বিপণন উপ-সঞ্চালকৰ পৰা ; চিৰাঙৰ উপায়ুক্তৰ পৰা,  ২০১০-১১ বৰ্ষত অসম চৰকাৰৰ  কৃষি বিভাগৰ দ্বাৰা ; ২০১৩  চনত কৃষি বিভাগ আৰু উদ্যানশস্য সঞ্চালক; ২০১৩  চনত বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰৰ দ্বাৰা; ২০১৫  চনত অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটীৰ দ্বাৰা; ২০১৭  চনত এন.আই.এ.এম., জয়পুৰ, ৰাজস্থানত  অংশগ্ৰহণৰ প্ৰমাণপত্ৰ অসম চৰকাৰৰ দ্বাৰা; ২০২১ চনত আজাদী কা অমৃত মহোৎসৱ-২০২১ উপলক্ষে শ্ৰেষ্ঠ কৃষক বঁটা; আয়কৰ বিভাগৰ দ্বাৰা শ্ৰেষ্ঠ কৃষক বঁটা , ২০২৪  চনত ইণ্ডিয়ান অইল কৰ্প'ৰেছন  লিমিটেড, বঙাইগাঁও শোধনাগাৰৰ দ্বাৰা শ্ৰেষ্ঠ কৃষক বঁটা; ২০২৪ চনত বিজনী জিলা ইউপিপিএলৰ দ্বাৰা শ্ৰেষ্ঠ কৃষক বঁটা আদি লাভ কৰিছে।

     
     দ্ৰোণ ভূঞা 

     
    দ্ৰোণ ভূঞা লোক সংস্কৃতি 'সুকনানি ওজাপালী আৰু দেওধনী নৃত্য'ৰ এগৰাকী মহান সাধক ।১৯৫৬ চনৰ ১  জানুৱাৰীত দৰং জিলাৰ ছিপাঝাৰৰ সাতঘৰীয়া গাঁৱৰ  এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ভূঞাই সংগ্ৰামৰ সৈতে জীৱন অতিবাহিত কৰিছিল। ধনৰ অভাৱৰ বাবে, তেওঁ কেৱল প্ৰাথমিক শিক্ষাহে লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ সুকনানি সংগীত আৰু দেওধনী নৃত্যৰ প্ৰতি অধিক আগ্ৰহী আছিল। যেতিয়া তেওঁৰ বয়স মাত্ৰ ৭-৮ বছৰ আছিল, তেতিয়া তেওঁ "যাত্ৰা পাৰ্টি" ত  তেওঁৰ  পিতৃৰ  সৈতে  যাবলৈ আৰম্ভ কৰিছিল আৰু তেওঁৰ সুন্দৰ  অভিনয়ৰ বাবে সমাজৰ পৰা প্ৰশংসা তথা   সন্মান লাভ কৰিছিল। তেওঁ 'ভিলেজ গাৰ্ল', 'চন্দ্ৰ হংস', 'লালসাৰ বলি' আদি বিভিন্ন নাটকত  মনপৰশা অভিনয় কৰিছিল। তেওঁৰ পিতৃয়ে  তেওঁক ওজাপালি সংস্কৃতি  শিকাৰ বাবে সুকনানি ওজাপালিৰ  গুৰু শ্ৰীযুত ৰত্নেশ্বৰ বৰাৰ কাষলৈ পঠিয়াইছিল । তেওঁ স্বৰ্গীয় চন্দ্ৰ কান্ত নাথ ওজাৰ নেতৃত্বত ওজাপালিৰ  অনুশীলন আৰম্ভ কৰিছিল, স্বৰ্গীয় চন্দ্ৰ কান্ত নাথ ওজা এগৰাকী  বিশিষ্ট নেতাও আছিল।

     
     ভূঞাই ১৯৭২ চনত দিল্লীৰ প্ৰগতি ময়দানত সুকনানি ওজাপালি আৰু দেওধনী নৃত্য পৰিৱেশন কৰিছিল। তেওঁ ঢোল বজোৱাতো পাৰ্গত আছিল।   আজি শ্ৰী ভূঞা সুকনানি সংগীত আৰু দেওধনী নৃত্যৰ এগৰাকী সফল ব্যক্তি । তেওঁ  দৰং জিলাৰ পৰিবেশ্য  কলাৰ  উন্নতিৰ বাবে অবিৰতভাৱে অৱদান আগবঢ়াই গৈছে। অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী আৰু সংগীত নাটক একাডেমীৰ নিয়মীয়া শিল্পী হিচাপে তেওঁ কেৱল অসমতে নহয়, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লী, গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো পৰিবেশ্য কলা পৰিৱেশনৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে। তেওঁ  গুৰু আৰু শিষ্যৰ   সৈতে সম্পৰ্কিত পৰম্পৰা অনুসৰি "গুৰু" উপাধি লাভ কৰিছিল। তেওঁ নামঘৰ, সংঘ, শিক্ষানুষ্ঠান আদি বিভিন্ন অনুষ্ঠান, উৎসৱ আৰু শৈক্ষিক অনুষ্ঠানত  সুকনানী সংগীত পৰিৱেশন কৰি আহিছে । তেওঁ আগ্ৰহী শিল্পীসকলক প্ৰশিক্ষণ দিবলৈ ২০০৯ চনত তেওঁৰ নিজৰ বাসগৃহ স্থাপন কৰা  "পৰম্পৰাগত পৰিবেশ্য কলা  কেন্দ্ৰ"ত  প্ৰশিক্ষণ প্ৰদানৰো দিহা কৰিছে।

    পৰিবেশ্য কলাৰ জগত খনলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে শ্ৰী ভূঞাই বহু বঁটা লাভ কৰিছে। তাৰ   ভিতৰত উল্লেখনীয়  কেইটামান বঁটা হৈছে ২০০৯  চনত সাংস্কৃতিক মন্ত্ৰালয়ৰ "গুৰু উপাধি", আগ্ৰাত  ৰাষ্ট্ৰীয় নাট্য আৰু লোক কলা মহোৎসৱত   "মীৰা বঁটা ২০১২ ",  সাংস্কৃতিক পৰিক্ৰমা বিভাগ , অসম, ৰবীন্দ্ৰ ভৱন, গুৱাহাটীৰ দ্বাৰা   "এককালীন  বঁটা ২০১৯", "বিষ্ণু ৰাভা বঁটা  ২০২১"  আৰু "অসম গৌৰৱ  ২০২৩ "আদি বঁটা-সন্মান  আদি লাভ কৰিছে। 

    উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ৫ গৰাকী  পুৰোধা ব্যক্তিক  আজি পদ্মশ্ৰী প্ৰদান কৰা হয়,  যাৰ ভিতৰত ২ গৰাকী  অসমৰ আৰু এগৰাকীকৈ  ক্ৰমে  অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাৰ।