ডিজিটেল ডেস্ক : 'শিক্ষা সেতু' এপে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। ৰাজ্যৰ শিক্ষা খণ্ডলৈ নতুনত্ব কঢ়িয়াই অনা 'শিক্ষা সেতু'ৰ বাবে সোমবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমক ' প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকর্ষ বঁটা' প্রদান কৰে।
নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত প্রধানমন্ত্রী ওম প্ৰকাশৰ হাতত এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। মোদীয়ে ৰাজ্য চৰকাৰৰ সমগ্র শিক্ষা অভিযানৰ মিছন।
উল্লেখযোগ্য যে 'শিক্ষা সেতু'ৱে শিক্ষার্থী আৰু শিক্ষকৰ উপস্থিতিক সুশৃংখল কৰি তুলিছে আৰু অসমৰ বিদ্যালয়সমূহত সমতা প্রদান কৰিছে। আনহাতে, সোমবাৰে তিনিচুকীয়া জিলায়ো ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। দেশৰ ভিতৰত 'জিলাসমূহৰ সামগ্রিক উন্নয়ন' শ্ৰেণীৰ অধীনত 'প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্ৰশাসন উৎকর্ষ বঁটা' লাভকৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া জিলাই।
তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰধানমন্ত্ৰীৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে। ইফালে এই সফলতা কঢ়িয়াই অনাৰ বাবে তিনিচুকীয়া জিলাৰ জিলা আয়ুক্তৰ সৈতে জিলা প্রশাসন আৰু জিলাখনৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। একেদৰে শিক্ষা সেতু এপৰ বাবে সমগ্র শিক্ষা অভিযানৰ দলটোকো অভিনন্দন জনাইছে মুখ্যমন্ত্রীয়ে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment