ডিজিটেল ডেস্ক : গুৱাহাটী উচ্চ ন্যায়ালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি । ই-মেইলৰ জৰিয়তে আহিছে এই ভাবুকি গুৱাহাটী উচ্চ ন্যায়ালয়লৈ ।
এটা অখ্যাত একাউণ্টৰ পৰা এই মেইলটো অহাৰ পাছতে বিৰাজ কৰিছে এক আতংকময় পৰিৱেশে । ইফালে মঙলবাৰে পুৱাৰ ভাগত অহা মেইলৰ পিছতেই মহানগৰ আৰক্ষীৰ মাজত হুৱা-দুৱা লাগে । গুৱাহাটী উচ্চ ন্যায়ালয়তো সৃষ্টি হয় আতংকময় পৰিৱেশৰ । ঘটনাথলীত শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে বোমস্কোৱাড উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
এই পৰ্যন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদত কোনোধৰণৰ বিস্ফেোৰক সামগ্ৰী লাভ কৰা নাই আৰক্ষীয়ে । আনহাতে মেইল প্ৰেৰণ কৰা আই ডিটোৰ সম্পূৰ্ণ তথ্য পৰীক্ষা কৰাৰ লগতে আই ডিটোৰ উৎস সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে এই বিষয়ে কয়, "এই ভাবুকিটো প্ৰৱঞ্চনা । কোনোধৰণৰ আপত্তিজনক সামগ্ৰী পোৱা নাই যদিও তদন্ত অব্যাহত ৰখা হৈছে । মেইলটো অসমৰ লগত কোনো সম্পৰ্ক নাই । তামিলনাডুৰ ফালৰ পৰা এই মেইলটো অহাৰ সন্দেহ কৰা হৈছে । যিটো মেইল আই ডিৰ পৰা এই মেইলটো আহিছে সেই আই ডিটো সন্দৰ্ভত চাইবাৰ বিশেষজ্ঞই তদন্ত অব্যাহত ৰখিছে ।"
Leave A Comment