ডিজিটেল ডেস্ক : আহমেদাবাদত বৃহস্পতিবাৰে সংঘটিত হৈছিল এক ভয়ংকৰ বিমান দুৰ্ঘটনা।এই দুৰ্ঘটনাটোত পুৰি ছাই হৈ গৈছিল বিমান যাত্ৰী, একেলগে শেষ হৈ গ’ল বহুতৰ সপোন, জ্বলি গৈছিল বৃহৎ-বৃহৎ লোহা কিন্তু এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতো এটা পৃষ্ঠাও জ্বলি নগ'ল ভাগৱত গীতাৰ ।
আহমেদাবাদৰ শিহৰণকাৰী বিমান দুৰ্ঘটনাত এতিয়ালৈকে ২৬৫গৰাকী লোকৰ মৃত্যু নিশ্চিত হৈছে। এতিয়াও বিমান দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ অভিযান ক্ষিপ্ৰ গতিত চলাই আছে। দুৰ্ঘটনাস্থলীৰ পৰা এতিয়াও উদ্ধাৰ হৈ আছে মৃতদেহৰ বহু অৱশিষ্ট অংশ।
তেনে সময়তে উদ্ধাৰকাৰী দলে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে এখন ভাগৱত গীতা। কিন্তু আচৰিত কথাটো হ'ল যিটো দুৰ্ঘটনাত লোহা পৰ্যন্ত জ্বলি ছাই হৈ গ'ল কিন্তু জ্বলি নগ'ল ভাগৱত গীতাৰ এটা পৃষ্ঠাও। অক্ষত অৱস্থাত থাকিল ভাগৱত গীতা। ভাগৱত গীতা ছাইৰ মাজৰ পৰা সম্পূৰ্ণ নিৰাপদে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰীয়ে।
ইতিমধ্যে ভাগৱত গীতা উদ্ধাৰৰ সম্পূৰ্ণ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ভিডিঅ'টোত স্পষ্টকৈ দেখা গ'ল যে ভাগৱত গীতাৰ এটা পৃষ্ঠাও জ্বলি যোৱা নাই, আনকি ভাগৱত গীতাৰ এটাও চুকো ফাটি যোৱা নাই। সম্পূৰ্ণ নিৰাপদ অৱস্থাত উদ্ধাৰ কৰা হৈছে ভাগৱত গীতা।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment