ডিজিটেল ডেস্ক : ধুবুৰীৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ ল'বলৈ শুকুৰবাৰে দিনৰ প্ৰায় ১১ বজাত আহি উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে ধুবুৰীত পদার্পণ কৰিয়েই মুখ্যমন্ত্রী ড° শর্মাই পোনে পোনে ধুবুৰীৰ আৱৰ্ত ভৱনলৈ আহি জিলা প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াৰ সৈতে এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। প্রায় এঘণ্টা ধৰি চলা উক্ত বৈঠকত মুখ্যমন্ত্রী ড° শর্মাই জিলা প্রশাসন, আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ পৰা ধুবুৰীৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ বুজ লয়।
ইফালে শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰী ভ্ৰমণক কেন্দ্ৰ কৰি ধুবুৰী জিলা আৰক্ষী প্রশাসনেও সমগ্ৰ ধুবুৰী চহৰতে কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তোলে। আনহাতে ধুবুৰীৰ হনুমান মন্দিৰত গো-মাংস উদ্ধাৰ হোৱাৰ কাণ্ডক লৈ মুখ্যমন্ত্ৰীয়ে ধুবুৰী চহৰত নিশা দুষ্কৃতিকাৰীক দেখা মাত্রকে গুলী কৰাৰ নিৰ্দেশ আৰক্ষীক দিয়ে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সাংবাদিকৰ আগত কয় যে আজি নিশাৰ পৰাই ধুবুৰী চহৰত প্রযোজ্য হ'ব 'শুট এণ্ড ছাইট'ৰ নিৰ্দেশনা। যিকোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা লোকক দেখা মাত্রকে গুলী কৰাৰ নিৰ্দেশ আৰক্ষীক দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে, ধুবুৰীত যোৱা এসপ্তাহ ধৰি আইন-শৃংখলা পৰিস্থিতি প্রত্যাহ্বানমূলক হৈ আছে।
কোৰবানি ঈদৰ পিছদিনা ধুবুৰীৰ হনুমান মন্দিৰত গৰুৰ মূৰ কোনোবাই ৰাখি থৈ গৈছিল। এইক্ষেত্রত জিলা প্রশাসনে হিন্দু-মুছলিম সকলো শ্ৰেণীৰ মানুহক লৈ শান্তি আলোচনাও কৰিছিল। ভালে ভালে সকলো হৈ গৈছিল। কিন্তু পিছদিনা আকৌ সেই হনুমান মন্দিৰৰ সমীপৰ পথত গৰুৰ মূৰ পোৱা গৈছিল। তাৰ পাছত নিশা ধুবুৰী চহৰৰ একাংশ অঞ্চলত শিল দলিওৱাৰ কাম চলি থাকে। মুখ্যমন্ত্রী ড° শৰ্মাই শুকুৰবাৰে সাংবাদিকৰ আগত কয় যে ঈদৰ আগদিনা ধুবুৰীত এটা চক্রই নবীন বাংলা বুলি ধুবুৰীক বাংলাদেশৰ অধীনত লৈ যাব লাগে বুলি তিনিখন প'ষ্টাৰ আঁৰি থৈছিল। এখন প'ষ্টাৰত লিখা আছে, 'তুমিও হবে শ্বহীদ, তোমাৰ ৰক্ত হবে বাংলাৰ স্বাধীনতা, নবীন বাংলা', আন এখন প'ষ্টাৰত লিখা আছে 'আমৰা মুক্তি চাই, আমৰা স্বাধীনতা চাই, বাংলাৰ মাটি স্বাধীন কৰবো ইনচাআল্লাহ, জয় বাংলা, জয় ইছলাম, জনতাৰ বাহিনী'। আৰু এখন প'ষ্টাৰত নবীন বাংলা বুলি সেনাৰ চিহ্ন লিখা আছিল। তাৰমানে ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা সাম্প্রদায়িক শক্তি ইয়াত সক্রিয় হৈছে বুলি মুখ্যমন্ত্রী ড° শর্মাই মন্তব্য কৰে।
বিষয়টো জানিব পাৰি তেওঁ শুকুৰবাৰে ধুবুৰীলৈ অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ধুবুৰীত ৰাতি 'স্কুট এণ্ড ছাইট'ৰ নিৰ্দেশনা আৰক্ষীক দিয়া হৈছে। যিয়েই শিল দলিয়াব আৰক্ষীৰ সন্দেহ হ'লেই তাক গুলীয়াব। কোনো কথা তাত থাকিব নোৱাৰে। কালি ধুবুৰীৰ পৰা গুৱাহাটীলৈ গৈ তেওঁ 'স্কুট এণ্ড বুঝার ছাইট'ৰ নিৰ্দেশ জাৰি কৰিব বুলি কৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ৰেপিড একশ্যন ফ'ৰ্ট, চি আৰ পি এফ বাহিনীক ধুবুৰীলৈ প্ৰেৰণ কৰা হ'ব। ধুবুৰীত যিমান অপৰাধী আছে, বিশেষকৈ যাৰ বিৰুদ্ধে জামিন বিহীন গ্রেপ্তাৰী পৰোৱানা আছে সেইসকলকো গ্ৰেপ্তাৰ কৰাৰ বাবে তেওঁ ধুবুৰী জিলা আৰক্ষী অধীক্ষকক নির্দেশ দিছে বুলি মন্তব্য কৰে। যিয়ে আইন-শৃংখলা নামানিব, সেইসকলক কঠোৰ হাতেৰে দমন কৰা হ'ব বুলি তেওঁ কয়। বাংলাদেশৰ কোনোবা এটা শক্তি ধুবুৰী-কাণ্ডত জড়িত হৈছে বুলি কৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এইবাৰ কোৰবানি ঈদত পশ্চিম বংগৰ পৰা হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে। এই বিষয়ে তেওঁ জানিব পাৰিছে আৰু কোনে এই ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ বিৰুদ্ধে তেওঁ তদন্ত চলোৱাৰ বাবে নির্দেশ দিছে। যিসকলে এই ব্যৱসায়টো আৰম্ভ কৰিছে, তেওঁলোককো গ্ৰেপ্তাৰ কৰাৰ বাবে আজি নির্দেশ দিয়া বুলি কয় মুখ্যমন্ত্রী ড° শৰ্মাই।
অহাবাৰ কোৰবানি ঈদত তেওঁ নিজে ধুবুৰীত থকাৰ কথা কৈ অহা ঈদত তেওঁ নিজে ধুবুৰীলৈ আহি থাকিব বুলি সাংবাদিকৰ আগত কয়। কোনোবা এজন-দুজন মানুহে সমগ্র পৰিৱেশ বেয়া কৰি আছে। বিজেপি চৰকাৰৰ শাসন কালত এই অপকর্মক কোনোপধ্যেই মানি নলয় বুলি কৈ মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে কোনো কাৰণতে তেওঁ ধুবুৰীক হাতৰ বাহিৰলৈ যাবলৈ নিদিয়ে। তেওঁ ধুবুৰীৰ ব্যৱসায়ীসকলক অনুৰোধ জনাই কয় যে ব্যৱসায়ীসকলে যাতে নিজৰ নিজৰ দোকানৰ সন্মুখত চি চি টিভি লগাই লোৱাৰ ব্যৱস্থা কৰে। আনহাতে, কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী আৱৰ্ত ভৱনৰ পৰা পোনে পোনে ধুবুৰীৰ সেই হনুমান মন্দিৰত গৈ উপস্থিত হয়। তাতে মুখ্যমন্ত্ৰীয়ে মন্দিৰটোৰ অৱস্থাৰ বুজ লৈ গুৱাহাটীলৈ ৰাওনা হয়।
Leave A Comment