• অৰ্পিতা দত্তলৈ NETRI শীৰ্ষ-সন্মিলনৰ তৰফৰ পৰা বিশেষ বঁটা

    ৰাষ্ট্ৰীয়
    অৰ্পিতা দত্তলৈ NETRI শীৰ্ষ-সন্মিলনৰ তৰফৰ পৰা বিশেষ বঁটা
    ডিজিটেল ডেস্ক: কালি নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰেচনেল চেণ্টাৰত অনুষ্ঠিত হয় নেত্ৰী চামিট (NETRI Summit)৷ ৰাজনৈতিক ক্ষেত্ৰখনত লিংগ অন্তৰ্ভুক্তিক কেন্দ্ৰ কৰি অনুষ্ঠিত উক্ত নেত্ৰী  চামিট ভাৰতৰ ভিতৰতে লেখত ল’বলগীয়া শীৰ্ষ-সন্মিলন। 

    ৫০তকৈ অধিক বক্তাৰ উপস্থিতিত আয়োজন কৰা শীৰ্ষ-সন্মিলনখনত ভাৰতৰ ৯টা ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে সংবাদ মাধ্যম, চলচিত্ৰ জগত তথা শৈক্ষিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। নেত্ৰী শীৰ্ষ সন্মিলনখনত ডিজিটেল গৱৰ্নেন্স, অৰ্থনীতি, কলা, বাজেট আদিৰ ক্ষেত্ৰত লিংগৰ ভূমিকা তথা ৰাজনৈতিক ক্ষেত্ৰত ইয়াৰ প্ৰভাৱক কেন্দ্ৰ কৰি ১০টা বিষয়ত আলোচনা চক্ৰ আয়োজন কৰা হয়।

    উক্ত অনুষ্ঠানতে NSUIৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰ্পিতা দত্তক  ৰাজনৈতিক ক্ষেত্ৰ তথা নীতি গঠনত তেওঁৰ অনন্য অৱদানৰ বাবে ১০গৰাকী অন্য মহিলাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ বৰ্ণাঢ্য শীৰ্ষ-সন্মিলনখনত ৰাজ্যসভাৰ সদস্য প্ৰিয়ংকা চতুৰ্বেদী, অমৰ পাটনায়ক, লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিহাৰৰ প্ৰথম মহিলা IPS বিষয়া মঞ্জৰী জাৰুহাৰ, এছ ৱাই কোৰেশিৰ দৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷