ডিজিটেল ডেস্কঃ এজন প্ৰেমিকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। প্ৰেমিকাৰ ঘৰৰ সন্মুখত নিজকে জ্বলাই শেষ কৰি দিলে প্ৰেমিকজনে। এই ঘটনা সংঘটিত হৈছে
ভূপালত(Bhopal)। প্ৰেমিকজনে হাতৰ শিৰাৰ কাটিছিল আৰু তেওঁৰ প্ৰেমিকাৰ ঘৰৰ সন্মুখত নিজকে জুই লগাই দিছিল। ঘটনাটো ভূপালৰ জাহাঙ্গিৰাবাদ অঞ্চলত সংঘটিত হৈছে। মৃত প্ৰেমিকজন নীৰজ বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে। তেওঁ ভূপালৰ চোলা অঞ্চলৰ বাসিন্দা। পেছাত তেওঁ এজন অটোচালক। নীৰজ প্ৰেমিকাৰ সৈতে লিভ-ইনত আছিল।
২২ বছৰীয়া নীৰজৰ সুৰাৰ প্ৰতি আসক্তি আছিল আৰু তেওঁৰ অন্যান্য কিছুমান লেতেৰা অভ্যাসো আছিল। যিবোৰ কথা সহ্য কৰিব নোৱাৰি নীৰজক এৰি নিজ ঘৰলৈ গুচি আহে প্ৰেমিকা। দুদিন পূৰ্বে প্ৰেমিকাই নীৰজক এৰি ঘৰলৈ আহিছিল। সেইদিনা নীৰজে প্ৰেমিকাক মান্তি কৰাবলৈ হাতৰ শিৰা কাটি এটা ভিডিঅ' বনাইছিল, যিটো ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।
তথাপিও প্ৰেমিকা নীৰজৰ সৈতে থাকিবলৈ সাজু নাছিল। প্ৰেমিকা মান্তি নোহোৱা দেখি প্ৰেমিকাৰ ঘৰলৈ ৰাওনা হয় নীৰজ। তাত তেওঁ উপস্থিত হৈ প্ৰেমিকাক চিঞৰি মাতে কিন্তু প্ৰেমিকা ঘৰৰ পৰা ওলাই অহা নাছিল। এই কথাতে খং উঠি নীৰজে নিজৰ গাত পেট্ৰ'ল ঢালি জুই লগাই দিয়ে। ঘটনাটোৰ সময়ত তেওঁ সুৰামত্ত আছিল বুলি জানিব পৰা গৈছে।
নীৰজ বিশ্বকৰ্মাক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য'ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। জাহাঙ্গিৰাবাদ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত কৰি আছে। মৰণোত্তৰ পৰীক্ষাৰ পাছত নীৰজৰ পৰিয়ালৰ সদস্যসকলে মৃতদেহ চমজি লয়।
Leave A Comment