ডিজিটেল ডেস্কঃ আজিকালি বিয়াবোৰ বিয়া নহয় যেন ধেমালিহে। মন গলেই বিয়া পাতে, মন গলেই বিয়া ভাঙে। এগৰাকী কইনাই ৰভাতলীতে ভাঙিলে বিয়া। ৰাজস্থানৰ ঢোলপুৰ জিলাত ঘটিছে এক ঘটনা।
বিয়াৰ সকলো ৰীতি-নীতি সম্পূৰ্ণ হোৱাৰ পিছত বিদায়ৰ সময়ত কইনাজনীয়ে দৰাৰ লগত যাবলৈ অস্বীকাৰ কৰে। কইনাগৰাকীয়ে কয় যে শিৰত সেন্দুৰ দিবৰ সময়ত দৰাৰ হাত দুখন কঁপিছিল। সেয়েহে দৰাৰ স্বাস্থ্যক লৈ কইনাৰ মনত সন্দেহ ওপজে। তেওঁ লগেলগে বিয়া বাতিল কৰাৰ সিদ্ধান্ত লয়।
দৰাজনে স্পষ্ট কৰি দিলে যে ঠাণ্ডাৰ বাবেহে তেওঁৰ হাত দুখন কঁপিছে। তেওঁৰ বেলেগ একো স্বাস্থ্যজনিত সমস্যা নাই।
বিদায়ৰ ঠিক আগে আগে ঘটা এই ঘটনাৰ বাবেই বিয়াৰ পৰিৱেশ বিতৰ্কলৈ পৰিণত হোৱাৰ লগতে আৰক্ষীয়েও হস্তক্ষেপ কৰিবলগীয়া হয়।
ঢোলপুৰ চহৰৰ হাউছিং ব’ৰ্ড কলনীৰ বাসিন্দা গিৰীশ কুমাৰৰ কন্যা দীপিকাৰ বিবাহ কৰৌলী জিলাৰ কল্যাণী গাঁৱৰ প্ৰদীপৰ সৈতে ঠিক কৰা হৈছিল। বৰযাত্ৰীসকলে উলহ-মালহেৰে আহি কইনাঘৰত উপস্থিত হয় আৰু কইনাঘৰীয়া লোকেও বৰযাত্ৰীসকলক আনন্দৰে আদৰে। সকলো খিনি সুন্দৰকৈ সম্পন্ন হোৱাৰ পাছতো তেতিয়াহে লাগিল লেঠা যেতিয়া দৰাই কইনাৰ শিৰ সেন্দুৰৰ ৰঙেৰে বোলাব বিচাৰিছিল। সেন্দুৰ দিয়াৰ সময়তে দৰাৰ হাত দুখন কঁপি উঠাক লৈ কইনা খৰ্গহস্ত হৈ পৰে। তেওঁ শহুৰৰ গৃহলৈ যাবলৈ অস্বীকাৰ কৰে।
দৰা প্ৰদীপে কয় যে তেওঁৰ হাত দুখন ঠাণ্ডাৰ বাবে কঁপিছে আৰু কোনো ৰোগৰ বাবে কঁপা নাই। লগতে তেওঁ কয় যে বিয়াৰ পূৰ্বে ছোৱালীজনীৰ পৰিয়ালে তেওঁক কেইবাবাৰো দেখা পাইছিল, তেতিয়া কোনোও একো আপত্তি কৰা নাছিল। কিন্তু বিদায়ৰ ঠিক আগতে হঠাতে বিয়া নাকচ কৰাটো ভুল।
কইনাৰ এই সিদ্ধান্তই দৰা পক্ষত হুলস্থূলৰ সৃষ্টি কৰিলে। এই হুলস্থুলৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ দুয়োপক্ষকে বুজাবলৈ চেষ্টা কৰে যদিও কোনো সমাধান নাপালে। শেষত কইনাৰ অবিহনে বৰযাত্ৰীসকল ঘূৰি আহিবলগীয়া হ’ল।
Leave A Comment