• হেলিকপ্টাৰত কি আছে? ৰাহুল গান্ধীৰ হেলিকপ্টাৰত তালাচী চলালে নিৰ্বাচনী বিষয়াই, কি পালে?

    ৰাষ্ট্ৰীয়
    হেলিকপ্টাৰত  কি আছে?  ৰাহুল গান্ধীৰ  হেলিকপ্টাৰত  তালাচী চলালে নিৰ্বাচনী বিষয়াই, কি পালে?
    ডিজিটেল ডেস্কঃ এইবাৰ ৰাহুল গান্ধীৰ হেলিকপ্টাৰত চলিল  তালাচী । ৰাহুলৰ হেলিকপ্টাৰ আজি  তামিলনাডুত অৱতৰণ কৰাৰ পিছতে নিৰ্বাচনী বিষয়াই তালাচী চলায়। । ৰাহুলে ৱায়ানাডৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত  প্ৰতিদ্বন্দ্বিতা কৰিছে। কেৰালাত ২৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। সেইকাৰণে কংগ্ৰেছৰ সোমবাৰে প্ৰচাৰ চলাবলৈ গৈছিল।

     ৰাজহুৱা সভাৰ উপৰি তাত তেওঁৰ আন বহুতো কাৰ্যসূচী লৈ বাহুল উপস্থিত হৈছিল।  ৰাহুলৰ হেলিকপ্টাৰখন তামিলনাডুৰ নীলগিৰিত অৱতৰণ কৰে। তাতেই কপ্টাৰখনত তালাচী চলোৱা হয়। নিৰ্বাচনী বিষয়াই  এই তালাচী চলায়। স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰা  অনুসৰি  নিৰ্বাচন আয়োগৰ ফ্লাইং স্কোৱাডৰ সদস্যসকলে ৰাহুলৰ হেলিকপ্টাৰত তালাচী চলাইছিল। তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ হেলিকপ্টাৰৰ তালাচী কালি কৰা হৈছিল। বেহালাৰ ফ্লাইং ক্লাবত  আয়কৰ বিষয়াসকলে  তেওঁৰ হেলিকপ্টাৰখন ৰখাই তালাচী চলাইছিল। 

    ফলত অভিষেকৰ নিৰাপত্তাৰক্ষীসকলৰ কেন্দ্ৰীয় সংস্থাটোৰ বিষয়াসকলৰ সৈতে  বিবাদ হৈছিল। ছ'চিয়েল মিডিয়াৰ জৰিয়তে অভিষেকে কৈছিল , "হেলিকপ্টাৰত একো পোৱা নগ'ল  ,  কেন্দ্ৰীয় সংস্থাসমূহক হেলিকপ্টাৰত তালাচী চলাবলৈ   ব্যৱহাৰ কৰা হৈছে । লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী নেতাসকলৰ কপ্টাৰসকলক কিয় বাৰে বাৰে তালাচী চলোৱা  হৈছে? " ৰাহুল গান্ধীয়ে পিছে তালাচী সন্দৰ্ভত কোনো অভিমত প্ৰকাশ কৰা নাই।  তালাচীত  পিছে এক নাপালে।