• বকৰিদৰ পূৰ্বেই মৃত্যু এটি ছাগলীৰ; শোকত ম্ৰিয়মাণ হৈ পৰিল পৰিয়াল

    ৰাষ্ট্ৰীয়
    বকৰিদৰ পূৰ্বেই মৃত্যু এটি ছাগলীৰ; শোকত ম্ৰিয়মাণ হৈ পৰিল পৰিয়াল
    ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ থানে জিলাত অৱস্থিত অম্বৰনাথৰ এটা ছাগলীৰ মৃত্যু বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। শ্বেৰু নামৰ এই ছাগলীটোৰ দেহত উৰ্দু ভাষাত ‘আল্লা’ আৰু ‘মহম্মদ’ লিখা আছিল। এই ছাগলীটোৰ মালিক শ্বাকিলে মূল্য ১ কোটি ১২ লাখ ৭৮৬ টকা নিৰ্ধাৰণ কৰিছিল।

    এইবাৰ বকৰিদ উপলক্ষে ভাল দামত ছাগলীটো বিক্ৰী কৰাৰ আশা শ্বাকিলে কৰিছিল যদিও ছাগলীটোৰ হঠাৎ মৃত্যু হোৱাৰ ফলত পৰিয়ালটো শোকত ভাগি পৰিছিল।

    অম্বাৰনাথ ৰেলৱে ষ্টেচনৰ সন্মুখৰ পথত কাপোৰ বিক্ৰী কৰি পৰিয়াল চলাই থকা শ্বাকীলৰ ছাগলী পালন এটা চখ। তেওঁ বহু বছৰ ধৰি ছাগলী পালন কৰি আহিছে, যিসমূহ তেওঁ আগতে বকৰিদ উপলক্ষে বিক্ৰী কৰি ভাল উপাৰ্জন কৰিছিল।


    প্ৰায় দুবছৰ আগতে তেওঁৰ তত্বাৱধানত থকা এটা ছাগলীয়ে এটা অতি ধুনীয়া পোৱালি দিছিল। শ্বাকিলৰ ল’ৰা-ছোৱালীয়ে তাৰ নাম ৰাখিলে শ্বেৰু।শ্বাকীলে ছাগলীটো বহুত মৰমেৰে ডাঙৰ-দীঘল কৰিবলৈ ধৰিলে। তেওঁ প্ৰতিদিনে আপেল, আঙুৰ, কাজু,বাদাম আদি বস্তু খুৱাবলৈ ধৰিলে। এই খাদ্যৰ ফলস্বৰূপে দুবছৰীয়া শ্বেৰুৰ ​​ওজন প্ৰায় ১০০ কিলোগ্ৰাম হৈ পৰিল৷ কিন্তু  ইয়াৰ মাজতে শ্বেৰুৰ ​​স্বাস্থ্যৰ অৱনতি ঘটে।


    শ্বাকিলৰ মতে, তেওঁ ইয়াৰ বাবে বহু চিকিৎসা কৰাইছিল। তেওঁ কয় যে শ্বেৰুক দৈনিক দুহাজাৰ টকাৰ ঔষধ দিয়া হৈছিল, কিন্তু এই ঔষধবোৰে কাম নকৰিলে আৰু তাৰ পাছত হঠাতে এদিন শ্বেৰুৰ মৃত্যু হ’ল।