ডিজিটেল ডেস্ক: বনভূমি বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্রথম স্থানত আছে অসম। ৰাজ্যখনত দ্রুত গতিত বনাঞ্চল হ্রাস পোৱাৰ উদ্বেগজনক তথ্য প্রকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। লোক সভাত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে দেশৰ বিভিন্ন ৰাজ্যত হোৱা বনভূমি বেদখলৰ পৰিসংখ্য দাঙি ধৰি কয় যে অসমত বিগত বৰ্ষৰ ৩১ মাৰ্চলৈকে মুঠ ২,১৩,২৫৩:৯১ হেক্টৰ বনভূমি বেদখল হৈছে। এই ক্ষেত্রত সমগ্ৰ দেশৰ ভিতৰতে অসম প্রথম স্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত দখল হৈ থকা বনভূমিৰ পৰিমাণ হৈছে ৫৭,৫৫৪.৮৭ হেক্টৰ।
একেদৰে তৃতীয় স্থানত থকা অৰুণাচল প্ৰদেশৰ ৫৩,৪৯৯.৯৬ হেক্টৰ বনভূমি দখল হৈছে। অসমত বৃহৎ বৃহৎ পৰিমাণৰ বনভূমি দখল হোৱাৰ বিপৰীতে কিন্তু লাক্ষাদ্বীপ আৰু পডুচেৰীত এক হেক্টৰ বনভূমিও দখল হোৱা নাই। প্রণিধানযোগ্য যে অসমত দ্রুত গতিত বনাঞ্চল হ্রাস পোৱাক লৈ শেহতীয়াকৈ উদ্বেগ ব্যক্ত কৰিছিল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণেও। যোৱা ২০২১ চনৰ পৰা ২০২৩ চনলৈকে মাত্র দুটা বছৰৰ ভিতৰতে ৰাজ্যখনত ৮৬.৬৬ বর্গ কিল'মিটাৰ বনভূমি হ্রাস পোৱাৰ সন্দৰ্ভত ন্যায়াধিকৰণে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈকো জাননী প্ৰেৰণ কৰিছিল।
মন কৰিব লগীয়া কথা যে শেহতীয়াকৈ ষ্টেট অব্ ফৰেষ্ট ৰিপ'ৰ্টত অসমত ব্যাপক গতিত বনাঞ্চল হ্রাস হোৱাৰ তথ্যক লৈ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতেই সেউজ ন্যায়াধিকৰণে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছিল। শুনানি কালত আনকি সেউজ ন্যায়াধিকৰণৰ ন্যায়াধীশ প্রকাশ শ্রীবাস্তৱ আৰু বিশেষজ্ঞ সদস্য আফ্রজ আহমেদৰ দ্বাৰা গঠিত বিচাৰপীঠে অসমে বন সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা আইন উলংঘা কৰিছে বুলি মত প্রকাশ কৰিছিল। আনহাতে বনভূমি হ্ৰাসৰ ফলত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱ পৰা বুলিও মন্তব্য কৰিছিল। ২০২৩ চনত ইণ্ডিয়া ষ্টেট অব্ ফৰেষ্ট ৰিপ'ৰ্ট অনুসৰি অসমত থকা বনভূমিৰ পৰিমাণ হৈছে ১৯,৬৯৯.৭৩ বর্গ কিল'মিটাৰ। কিন্তু যি গতিত ৰাজ্যখনত বনভূমি ধ্বংস হ'বলৈ ধৰিছে তাৰ ফলত প্ৰতিদিনেই ৰাজ্যখনত বনভূমিৰ পৰিমাণ হ্রাস পাইছে।
ইফালে ৰাজ্যৰ বৃহৎ পৰিমাণৰ বনভূমি বেদখল হোৱাৰ ফলত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাতো। এই সংঘাতৰ ফলত প্ৰতি বছৰে ৰাজ্যখনত হাতী আৰু মানুহৰ মৃত্যুৰ সংখ্যাও দ্রুতগতিত বৃদ্ধি পাইছে। প্রকৃততে বনভূমি হ্রাস আৰু বনভূমিত নিমার্ণকার্য বৃদ্ধিৰ ফলত হাতীৰ প্ৰাকৃতিক বসতিস্থল বেয়াকৈ প্ৰভাৱিত হৈছে। যাৰ বাবে খাদ্যৰ সন্ধানত হাতীসমূহ জনাঞ্চললৈ ওলাই আহিছে। তথ্য অনুসৰি হাতী-মানুহৰ সংঘাতৰ বাবে যোৱা পাঁচ বছৰত (২০১৯-২০ৰ পৰা ২০২৩-২৪) ৰাজ্যখনত ৩৮৩গৰাকী লোক নিহত হৈছে। একেদৰে এই সময়ছোৱাত মৃত্যু হৈছে ৯১ হাতীৰ। কিন্তু এনে পৰিস্থিতিৰ পাছতো চৰকাৰে বনভূমিত হোৱা বেদখল ৰোধ কৰিব পৰা নাই।
(দৈনিক জনমভূমিৰ প্ৰতিবেদন)
Leave A Comment