ডিজিটেল ডেস্কঃ এখন ছবিৰ দৰে এটা কাহিনী৷ ভাৰতীয় নাগৰিক ইকৰা জামাল আফগানিস্তানত তিনি বছৰতকৈ অধিক সময় আবদ্ধ হৈ থকাৰ পিছত অৱশেষত তেওঁৰ ডেৰ বছৰীয়া কন্যাসহ বুধবাৰে ভাৰতত উপস্থিত হয়।
আফগান নাগৰিকৰ সৈতে বিবাহিত ইক্ৰাই ২০২১ চনৰ আগষ্ট মাহত তালিবান ক্ষমতালৈ ঘূৰি অহাৰ ঠিক পূৰ্বে আফগানিস্তানলৈ গৈছিল। তাৰ পিছত আফগানিস্তানত সৃষ্টি হোৱা বিশৃংখলতাৰ সময়ত ইকৰা আৰু তেওঁৰ স্বামীয়ে ভাৰতলৈ উভতি অহা বিমানত উঠিবলৈ ব্যৰ্থ হয়৷
যাৰ বাবে তেওঁলোক আফগানিস্তানতে আবদ্ধ হৈ থাকিব লগাত পৰে৷ ইয়াৰ মাজতে ইকৰাই গৰ্ভৱতী হোৱাৰ কথা জানিব পাৰে। ইকৰাৰ এই কাহিনী টাইমচ অফ ইণ্ডিয়াই ২০২২ চনৰ জানোৱাৰীতে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল৷
ধনৰ অভাৱ আৰু অশান্ত সময়ৰ মাজতে ইকৰাৰ কন্যাৰ জন্ম হৈছিল আফগানিস্তানত৷ এক্টিভিষ্ট ৰাহুল কাপুৰৰ আবেদনৰ পিছত ভাৰতীয় নাগৰীক সকলে প্ৰসৱৰ বাবে ধন সংগ্ৰহ কৰি সহায় কৰিছিল। সেই সময়ছোৱাৰ কথা বৰ্ণনা কৰি ইক্ৰাই কয় তালিবান ঘূৰি অহাৰ প্ৰথম মাহকেইটাত ইক্ৰাই ভয়, হতাশা আৰু উদ্বেগৰ মাজেৰে পাৰ হৈছিল।
Leave A Comment