• সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ ষড়যন্ত্ৰৰ অভিযোগত সুধীৰ চৌধুৰীৰ বিৰুদ্ধে ৰুজু গোচৰ

    ৰাষ্ট্ৰীয়
    সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ ষড়যন্ত্ৰৰ অভিযোগত সুধীৰ চৌধুৰীৰ বিৰুদ্ধে ৰুজু গোচৰ
    ডিজিটেল ডেস্কঃ বিপদ বাঢ়িছে আজ টক চেনেলৰ নিউজ এংকৰ সুধীৰ চৌধুৰীৰ৷কৰ্ণাটক আৰক্ষীয়ে আজ টক নিউজ চেনেলত আয়োজন কৰা এক অনুষ্ঠানত এংকৰ সুধীৰ চৌধুৰীয়ে  “সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ ষড়যন্ত্ৰ” কৰাৰ অভিযোগত এংকৰজনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে৷কৰ্ণাটক সংখ্যালঘু উন্নয়ন নিগমৰ এজন সদস্যই দাখিল কৰা এজাহাৰৰ ভিত্তিত বেংগালুৰুৰ শেশাদ্ৰীপুৰম আৰক্ষীয়ে সাম্প্ৰদায়িক গোটৰ মাজত শত্ৰুতা বৃদ্ধিৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত এই গোচৰ ৰুজু কৰে।


    উক্ত উল্লেখিত অনুষ্ঠানটোত চৌধুৰীয়ে দাবী কৰিছিল যে কৰ্ণাটকৰ সংখ্যালঘুসকলৰ বাবেহে ৰাজসাহায্য প্ৰদান কৰা হৈছে আৰু এই আঁচনি হিন্দুৰ বাবে নহয় বুলি কৰা দাবীৰ কথাও এফআইআৰত উল্লেখ কৰা হয়। এফআইআৰ অনুসৰি, “শ্ব’টোৱে দাবী কৰিছিল যে এই আঁচনিখনৰ দ্বাৰা ৰাজ্যখনৰ দৰিদ্ৰ হিন্দুসকল অন্যায়ৰ সন্মুখীন হৈছে” আৰু সুধীৰৰ এই মন্তব্যই ৰাজ্যখনৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ ষড়যন্ত্ৰ কৰিছে যাৰ বাবে এই এজাহাৰ দাখিল কৰা হৈছে।


    এই গোচৰত চৌধুৰী এক নম্বৰ অভিযুক্ত হোৱাৰ বিপৰীতে আজ টকৰ মুখ্য সম্পাদক আৰু সংগঠক ক্ৰমে দুই আৰু তিনি নম্বৰ অভিযুক্ত৷যোৱা ১১ ছেপ্টেম্বৰত এই অনুষ্ঠানটো চেনেলটোত প্ৰচাৰ হোৱাৰ পাছত কৰ্ণাটক চৰকাৰে চৰকাৰী আঁচনিৰ বিষয়ে ইচ্ছাকৃতভাৱে ভুল তথ্য বিয়পোৱাৰ বাবে এংকৰজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছিল। 


    উল্লেখ্য যে নিজৰ ফালৰ পৰা চৰকাৰে এই আঁচনিখন বিভিন্ন সম্প্ৰদায়ৰ কল্যাণৰ বাবে বিভিন্ন উন্নয়ন নিগমৰ অধীনত কেইবাবছৰ ধৰি অস্তিত্বত থকা বুলি বৰ্তমানেও বৰ্তাই ৰাখিছে। আন সাম্প্ৰদায়িক গোটৰ ক্ষেত্ৰতো একেধৰণৰ আঁচনি আছিল বুলি উল্লেখ কৰি চৰকাৰে কয় যে সংখ্যালঘুৰ বাবে ৰাজসাহায্য আঁচনি ভাৰতীয় জনতা পাৰ্টিৰ শাসনৰ অধীনতো ৰাজ্যখনত আছিল।