ডিজিটেল ডেস্ক : মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ নিৰ্দেশক্রমে ৰাজ্যখনত শনিবাৰে মুকলি গতি-বিধি আৰম্ভ হৈছিল। আনহাতে, এটা পৃথক প্রশাসন ব্যৱস্থা নোপোৱালৈকে ৰাজ্যখনত মুকলি গতি-বিধি মানি নোলোৱাৰ পণ ধৰিছে কুকি-জ' জনগোষ্ঠীয়ে। শনিবাৰে সেনাপতি জিলা অভিমুখী এখন বাছত কুকি উন্মত্ত জনতাই কাংপকপীত শিল নিক্ষেপ কৰে আৰু নিৰাপত্তা বাহিনী আৰু উন্মত্ত জনতাৰ মাজত হিংসাত্মক সংঘর্ষ হয়।
এই সংঘর্ষত কেইবাজনো লোক আহত হোৱাৰ লগতে এজন প্রতিবাদকাৰী নিহত হয়। ইয়াৰ পাছৰে পৰা কাংপকপীত উত্তেজনাই বিৰাজ কৰি আছে। নিৰাপত্তা বাহিনীৰ দমন অভিযানৰ প্রতিবাদ জনাই কুকি-জ' গোটসমূহে দেওবাৰৰ পুৱাৰ পৰা অনির্দিষ্টকালৰ বাবে কুকি অধ্যুষিত এলেকাত বন্ধ ঘোষণা কৰিছে।
কুকি জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত ইয়াৰ বাবে স্বাভাৱিক জীৱন-যাত্রা ব্যাহত হয়। ইফালে, ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাংপকপীৰ গামঘীফাই আৰু অন্য অংশত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। তদুপৰি, ইম্মল-ডিমাপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতো নিৰাপত্তা বাহিনীৰ টহলৰ ব্যৱস্থা কৰা হৈছে।
Leave A Comment