• প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ বাকৰিত পাকিস্তানৰ পৰা আহিল ৬৮ টা হিন্দু পৰিয়াল

    ৰাষ্ট্ৰীয়
    প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ বাকৰিত পাকিস্তানৰ পৰা আহিল ৬৮ টা হিন্দু পৰিয়াল
    ডিজিটেল ডেস্কঃ পাকিস্তানৰ সিন্ধু প্রদেশৰ ৬৮গৰাকী হিন্দু ভক্তৰ এটা দল বৃহস্পতিবাৰে প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হয়। এইসকলৰ ভিতৰত প্ৰায় ৫০গৰাকীৰ বাবে এইটো হৈছে মহাকুম্ভৰ প্ৰথম অভিজ্ঞতা। 

    পাকিস্তানৰ পৰা অহা ভক্ত গোবিন্দ ৰাম মাখিজাই কয় যে বিগত দুই-তিনি মাহ ধৰি তেওঁলোকে মহাকুম্ভৰ কথা শুনি অতি উৎসাহী হৈ আছিল। উল্লেখযোগ্য যে বিগত বৰ্ষৰ এপ্রিল মাহত পাকিস্তানৰ পৰা ২৫০জন ভক্তই প্রয়াগৰাজলৈ আহি গংগাত স্নান কৰিছিল।

    প্ৰয়াগৰাজত উপস্থিত হোৱা এই ভক্তৰ দলটো পাকিস্তানৰ সিন্ধু আৰু পঞ্জাব প্ৰান্তৰৰ বাসিন্দা । বিশেষ ভিছাৰে সহায়ত তেওঁলোকে এই সংগম স্থানত উপস্থিত হয় ৷ পাকিস্তানৰ পৰা অহা দলটোৰে মহন্ত ৰামনাথ নামৰ এজনে কয় যে এই পবিত্ৰ স্থানত উপস্থিত হোৱাৰ পূৰ্বে তেওঁলোক সকলোৱে হৰিদ্বাৰলৈ গৈছিল ।

    হৰিদ্বাৰৰ পৰা আহি পাকিস্তানৰ এই দলটোৱে প্ৰয়াগৰাজৰ মহাকুম্ভৰ সংগমস্থলীত স্নান কৰে। লগতে তেওঁলোকে পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে । ১৪৪ বছৰৰ পাছত অনুষ্ঠিত হোৱা এই মহাকুম্ভ ভ্ৰমণ কৰিবলৈ পাই তেওঁলোক যথেষ্ট আনন্দিত হৈছে বুলি মন্তব্য কৰে ৷ 
    indojawa88slot thailandsabung ayam onlinesv388sv388sabung ayam onlinesv388agen sabung ayamsitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamlive casino