• কোটি কোটি ভক্তৰ আগমন! আজি মহা কুম্ভমেলাৰ সামৰণি

    ৰাষ্ট্ৰীয়
    কোটি কোটি ভক্তৰ আগমন! আজি মহা কুম্ভমেলাৰ সামৰণি
    ডিজিটেল ডেস্কঃ আজি মহা কুম্ভমেলাৰ সামৰণি। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল মহা কুম্ভমেলা। প্ৰচণ্ড শীতকো নেওচি ঠাণ্ডাত কঁপি কঁপি পৱিত্ৰ কুম্ভস্নান কৰিলে কোটি কোটি ভক্তই। প্ৰথমদিনাই কুম্ভমেলাত স্নান কৰিছিল ৫০ লাখ ভক্তই। ৪৫ দিনীয়া এই কুম্ভমেলাৰ সময়ত প্ৰায় ৬৫ কোটি ভক্ত প্ৰয়াগৰাজত সমবেত হয়। দেশী ভক্তৰ লগতে বৃহৎ পৰিমাণে বিদেশী ভক্তৰো আগমন ঘটিল মহা কুম্ভমেলাত।

    ১৩ জানুৱাৰীত পুহৰ পূৰ্ণিমা তিথিত প্ৰথম স্নানেৰে আৰম্ভ হয় মহাকুম্ভ মেলাৰ৷ আনহাতে, ২৬ ফেব্ৰুৱাৰী মহা শিৱৰাত্ৰিত ইয়াৰ সামৰণি পৰে। ছয়টা শ্বাহী স্নানৰ অন্তত এই মেলাৰ অন্ত পৰে৷ সেইকেইটা হৈছে-

    পুহৰ পূৰ্ণিমা – ১৩ জানুৱাৰী।
    মকৰ সংক্ৰান্তি – ১৪ জানুৱাৰী।
    মৌনি অমাৱস্যা – ২৯ জানুৱাৰী।
    বসন্ত পঞ্চমী – ৩ ফেব্ৰুৱাৰী।
    মাঘী পূৰ্ণিমা – ১২ ফেব্ৰুৱাৰী।
    মহা শিৱৰাত্ৰি – ২৬ ফেব্ৰুৱাৰী।

    উত্তৰ প্ৰদেশৰ প্রয়াগৰাজত চলি থকা মহাকুম্ভমেলাৰ আজিৰ আনুষ্ঠানিকভাৱে সামৰণি পৰিব। প্রশাসনে ভক্তসকলৰ সুৰক্ষা আৰু সুবিধাৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰিছে। প্রয়াগৰাজৰ জিলা দণ্ডাধীশে জনোৱা অনুসৰি মেলাস্থলীত শৃংখলিত ব্যৱস্থা গঢ়ি তুলিবলৈ সকলো যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হৈছে। প্রশাসনে ভক্তসকলৰ যাতায়াতাৰ সুবিধাৰ দিশটোৰ প্রতি বিশেষ দৃষ্টি ৰাখিছে। মঙলবাৰে বিয়লি ৪ বজাৰ পৰা মহাকুম্ভমেলা অঞ্চলত যান-বাহন নিষিদ্ধ এলেকা স্থল ৰূপে ৰূপায়ণ কৰা হয়। 

    সন্ধিয়া ৬ বজাৰ পৰা সমগ্র প্রয়াগৰাজ নগৰতো যান-বাহন নিষিদ্ধ এলেকা ৰূপে ঘোষণা কৰা হৈছে। ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্রি উপলক্ষে অন্তিম বিশেষ স্নানৰ বাবে বহু ভক্তৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰা হয়। 

    অৱশ্যে, অত্যাৱশ্যকীয় সামগ্রী কঢ়িওৱা বাহনসমূহক এই নির্দেশনাৰ পৰা ৰেহাই দিয়া হৈছে। মঙলবাৰে সন্ধিয়া ৬ বজা পর্যন্ত মহাকুম্ভত ১.১১ কোটিতকৈও অধিক ভক্তই স্নান কৰে। আজিৰ দিনটোত প্ৰায় ৬ কোটি লোকে স্নান কৰাৰ সম্ভাৱনা।

    ইমান দিনে উখল-মাখল হৈ থকা প্ৰয়াগৰাজ কাইলৈৰ পৰা নিজম পৰিব। তাকে লৈ মন সেমেকিছে প্ৰয়াগৰাজবাসীৰ। 
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388judi baccarat onlineagen mix parlaysv388sabung ayam onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot zeussv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlinemix parlay sbobet casino onlinesanjayausta.comppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idserver thailandrahicare.comsmkn4ptk.sch.idsmkn4ptk.sch.idsmkn4ptk.sch.iddesabanyusarigrabag.comgrindhausrestaurant.comsmkn4ptk.sch.id