ডিজিটেল ডেস্কঃ চাৰিগৰাকী বোৱাৰী থকা এগৰাকী শাহুৱেকে প্ৰেমিকৰ সৈতে পলায়ন কৰে। ৭০ বছৰৰ উৰ্ধৰ মহিলাগৰাকী ৩০ বছৰীয়া প্ৰেমিকৰ সৈতে পলায়ন কৰিছে। এই ঘটনাত সকলো স্তম্ভিত হৈ পৰিছে।
উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাত ঘটিছে এই ঘটনা। শাহুৱেকে ৩০ বছৰীয়া প্ৰেমিকৰ সৈতে ঘৰৰ পৰা পলায়ন কৰা সময়ত বোৱাৰীসকলৰ বহুমূলীয়া গহনাও লগত লৈ গৈছে বুলিও অভিযোগ উত্থাপন হৈছে।
বৃদ্ধ স্বামী হৰিৰাম পালে যেতিয়া তেওঁৰ পত্নী ভাগৱতীৰ এই কাৰ্যৰ বিষয়ে গম পালে তেতিয়া তেওঁৰ মূৰত সৰগ ভাগি পৰে। প্ৰথমে তেওঁ স্থানীয় জাখোৰা থানাত এজাহাৰ দাখিল কৰে, কিন্তু তাৰ পৰা কোনো সহায় নোপোৱাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ চিঠি লিখি ন্যায়ৰ বাবে আবেদন জনায়। হৰিৰাম পালৰ অভিযোগ যে একেখন গাঁৱতে বাস কৰা ৩০ বছৰীয়া যুৱক কৃষ্ণপাল ঝাই তেওঁৰ পত্নীক ফুচুলাই লৈ গৈছে। হৰিৰাম পালে কয় যে প্ৰায় দুমাহ আগতে ভাগৱতী ঘৰৰ পৰা হঠাতে নোহোৱা হৈছিল। প্ৰথমতে তেওঁ ভাবিছিল যে ভাগৱতী নিশ্চয় আত্মীয়ৰ ঘৰলৈ গৈছে, কিন্তু যেতিয়া কেইবাদিনো তেওঁৰ কোনো খবৰ খাতি নাছিল আৰু ঘৰত ৰখা বোৱাৰীহঁতৰ গহনাবোৰো নোহোৱা হৈ গ’ল, তেতিয়াই হৰিৰামে আচল কথাটো বুজি পালে।
চাৰিজনী বোৱাৰীয়ে যেতিয়া গম পালে যে তেওঁলোকৰ শাহুৱেকে প্ৰেমিকৰ লগত পলাই গৈছে আৰু লগতে তেওঁলোকৰ গহনাও লৈ গৈছে, তেতিয়া তেওঁলোক হতভম্ব হৈ পৰে। তেওঁলোকে কয় যে এফালে সমাজত মানহানি হৈছে, আনফালে বছৰ বছৰ ধৰি সঞ্চয় কৰা ধন, গহনাও নাইকিয়া হৈছে৷
জাখোৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয় যে কেইসপ্তাহমানৰ আগতে ভাগৱতী নিজেই থানালৈ আহিছিল। তেওঁ স্পষ্টকৈ আৰক্ষীক জনাইছিল যে তেওঁ আৰু স্বামী আৰু তেওঁৰ পৰিয়ালৰ সৈতে থাকিব নিবিচাৰে। আৰক্ষীৰ মতে, মহিলাগৰাকী এগৰাকী প্ৰাপ্তবয়স্ক আৰু তেওঁ নিজৰ ইচ্ছামতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, গতিকে তেওঁলোকে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয় যে এই গোচৰত মহিলাগৰাকীয়ে নিজৰ ইচ্ছা প্ৰকাশ কৰিছিল, গতিকে আমি কোনো ধৰণৰ বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰো।
হৰিৰাম পালে ললিতপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীক উদ্দেশ্যি এখন পত্ৰ প্ৰদান কৰে, য’ত তেওঁ গোটেই গোচৰটোৰ তদন্ত কৰি পত্নীক ঘূৰাই অনাৰ দাবী জনাইছে। তেওঁ কয় যে ''পত্নী পলায়ন কৰাই নহয়, গহনা চুৰিও এক গুৰুতৰ অপৰাধ, যাৰ ওপৰত আৰক্ষীয়ে ব্যৱস্থা ল’ব লাগে। হৰিৰামে কয়, ''মই বুঢ়া মানুহ। এতিয়া এই বয়সত কোনো সমৰ্থন নাই আৰু কোনো আশাও নাই। মোৰ পত্নীয়ে মোৰ সকলো মান-সন্মান শেষ কৰিলে, ঘৰখন ভাঙি পেলালে। বোৱাৰীসকল মাকৰ ঘৰলৈ গুচি গৈছে। আমাৰ ঘৰ শেষ হৈ গ’ল।''
Leave A Comment