• চলন্ত ৰে’লৰ পৰা পৰি নৱবিবাহিতাৰ মৃত্যু! আপ্ৰাণ চেষ্টা কৰিও স্বামীয়ে কৰিব নোৱাৰিলে জীৱন ৰক্ষা

    ৰাষ্ট্ৰীয়
    চলন্ত ৰে’লৰ পৰা পৰি নৱবিবাহিতাৰ মৃত্যু! আপ্ৰাণ চেষ্টা কৰিও স্বামীয়ে কৰিব নোৱাৰিলে জীৱন ৰক্ষা
    ডিজিটেল ডেস্কঃ চলন্ত ৰে’লৰ পৰা পৰি এগৰাকী নৱবিবাহিতা বোৱাৰীৰ মৃত্যু।  শিৱপুৰীৰ ৰাতৌৰ ৰোড ৰেলপথৰ সমীপত যোৱা নিশা চলন্ত ৰে’লৰ পৰা বাগৰি পৰে এগৰাকী নৱবিবাহিত মহিলা। ঘটনাৰ কথা গম পোৱাৰ লগে লগে স্বামীয়ে চেইনডাল টানি ৰে’লখন ৰখাই প্ৰায় এক কিলোমিটাৰ পিছুৱাই গৈ পত্নীক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে। পিছত কেনেবাকৈ পত্নীক জিলা চিকিৎসালয়লৈ লৈ যায়, তাতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

    গোৱালিয়ৰৰ বাসিন্দা অধিবক্তা বিকাশ যোশীয়ে ২০২৫ চনৰ ১৬ এপ্ৰিলত ওৰাই (জালাউন)ৰ শিৱানী শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।শিবানী এল এল বিৰ ছাত্ৰী আছিল আৰু শেহতীয়াকৈ তেওঁ স্বামীৰ সৈতে পৰীক্ষা দিবলৈ ওৰাইলৈ গৈছিল। পৰীক্ষাৰ অন্তত ২৭ মে’ মঙলবাৰে দুয়ো গোৱালিয়ৰলৈ উভতি আহি বুধবাৰে সন্ধিয়া ৰে’লেৰে ইন্দোৰলৈ ৰাওনা হয়। বিকাশে ইন্দোৰত ওকালতি কৰে আৰু তাতেই থাকে।

    মঙলবাৰে নিশা প্ৰায় ৯ বজাত দুয়োজন ৰে’লযোগে ইন্দোৰলৈ যাওঁতে শিৱপুৰী ৰে’ল ষ্টেচনৰ পৰা কিছু দূৰৈত শিৱানীৰ বমি আৰম্ভ হয়। তেওঁ কোচৰ দুৱাৰৰ ওচৰ পালেগৈ। ইফালে বিকাশ পানী আনিবলৈ গৈছিল। পত্নীৰ ওচৰলৈ উভতি আহোঁতে ওচৰতে থিয় হৈ থকা এজন যুৱকে ক’লে যে মহিলাগৰাকীৰ ভৰিখন পিছলি পৰিল আৰু তেওঁ তললৈ পৰিল। এই কথা শুনি বিকাশে ট্ৰেইনৰ শিকলি টানি লগে লগে তললৈ জপিয়াই পৰিল।

    বিকাশে আৰক্ষীক জনোৱা মতে, ৰে’লখন প্ৰায় এক কিলোমিটাৰ আগুৱাই গৈছিল। আন্ধাৰত পত্নীক বিচাৰি ৰাতৌৰ ক্ৰছিঙৰ ওচৰৰ ৰাস্তালৈ লৈ আহিছিল। তাত এজন গাড়ী আৰোহীয়ে সহায় কৰি দুয়োকে জিলা চিকিৎসালয়লৈ লৈ গ’ল। চিকিৎসকে শিৱানীক মৃত ঘোষণা কৰে। কোটোৱালী আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

    বিকাশে জনোৱা মতে, ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতো জি আৰ পিয়ে তেওঁক সহায় কৰা নাছিল। টৰ্চৰ পোহৰেৰে আন্ধাৰত পত্নীক বিচাৰি ফুৰিছিল। ঘৈণীয়েকক বিচাৰি পোৱাৰ পিছত আধা দূৰত্ব কোলাত কঢ়িয়াই লৈ ফুৰিব লগা হ’ল। পিছত জি আৰ পিৰ কৰ্মচাৰীয়ে আহি নিয়ম-নীতিৰ কথা পাতি কাগজত চহী কৰিবলৈ ক’লে, আনহাতে সেই সময়ত তেওঁৰ পত্নীক চিকিৎসাৰ প্ৰয়োজন আছিল। অতি কষ্টেৰে এজন গাড়ী যোগাৰ হয়, তাৰ পিছত তেওঁলোক চিকিৎসালয়ত উপস্থিত হ’বলৈ সক্ষম হয়। কিন্তু শিৱানী শৰ্মাই মৃত্যুক সাবটে।

     ৰাতৌৰ সমীপত সংঘটিত এই ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।