• ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি; বছৰি এক লাখ টকাকৈ প্ৰদান কৰিব দৰিদ্ৰ পৰিয়ালৰ মহিলাক

    ৰাষ্ট্ৰীয়
    ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি; বছৰি এক লাখ টকাকৈ প্ৰদান কৰিব দৰিদ্ৰ পৰিয়ালৰ মহিলাক
    ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে শাসক-বিৰোধীৰ৷ প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান৷ ৰাজনৈতিক দলসমূহে তেওঁলোকৰ প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ। কংগ্ৰেছেও প্ৰকাশ কৰিছে ন্যায়পত্ৰ৷ তাৰমাজতে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে দেশবাসীক দিছে এটা বৃহৎ প্ৰতিশ্ৰুতি।

    ৰাজস্থানৰ এখন ৰাজহুৱা সভাত বৃহৎ ঘোষণা কৰে ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীয়ে কয়, ক্ষমতালৈ অহাৰ পাছত দেশৰ দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত এক লাখকৈ টকা দিব ভাৰতীয় জাতীয় কংগ্ৰেছে৷ আৰু এইদৰেই দৰিদ্ৰতা নিৰ্মূল কৰিব পৰা যাব বুলিও কয় নেতাগৰাকীয়ে৷

    ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ চৰকাৰে দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ একাউণ্টলৈ বছৰি এক লাখ টকাকৈ প্ৰদান কৰিব। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰাসকলে প্ৰতি বছৰে এক লাখ টকা একাউণ্টযোগে লাভ কৰিব৷

    পূৰ্বে ইন্দিৰা গান্ধীয়েও নিৰ্বাচনী প্ৰচাৰত ‘গৰিবী হাটাও’ৰ শ্লোগান তুলি ধৰিছিল। এইবাৰ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দলটোৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পথকেই অনুসৰণ কৰিলে৷ এই সন্দৰ্ভত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰতো প্ৰতিশ্ৰুতি দিয়া হৈছে যে যেতিয়ালৈকে পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উঠি নাহে, তেতিয়ালৈকে সেই ধন একাউণ্টত সোমাই থাকিব।

    ৰাহুল গান্ধীয়ে লগতে দাবী কৰে যে বিজেপিয়ে উদ্যোগপতিসকলৰ পৰা নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন লৈছে৷ আনহাতে কংগ্ৰেছ একাউণ্টত লেনদেন বন্ধ কৰা হৈছে। গান্ধীৰ মতে আগন্তুক লোকসভা নিৰ্বাচন আচলতে ২০-২৫ জন পুঁজিপতি আৰু সাধাৰণ শ্ৰমিক-দৰিদ্ৰ লোকৰ মাজত হোৱা এখন যুঁজ।