ডিজিটেল ডেস্কঃ গুৰুগ্ৰামৰ গাতে লাগি থকা হাৰিয়ানাৰ নুহ জিলাৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত ৭ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ৪ জন আহত হয়। মৃত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত অভিযুক্ত চালকজনে স্থানৰ পৰা পলায়ন কৰে।
খবৰ অনুসৰি, নুহ থানাৰ ফিৰোজপুৰ ঝিৰকা সীমান্তৰ ইব্ৰাহিমৱা গাঁৱৰ সমীপত আজি পুৱা ১০ বজাৰ ওচৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত এখন অনিয়ন্ত্ৰিত পিকআপ বাহনে ১১জন চাফাই কৰ্মীক খুন্দিয়ায়। এই মৰ্মান্তিক পথ দুৰ্ঘটনাত ৭ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে চাৰিজন আহত হয়। তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, য’ত তেওঁলোকৰ অৱস্থা সংকটজনক হৈয়ে আছে। অৱশ্যে এতিয়াও চিনাক্ত হোৱা নাই মৃতকসকল। মৃত্যু হোৱাসকলৰ ভিতৰত ৬ গৰাকী মহিলাও আছে
জানিব পৰা গৈছে যে আজি পুৱা প্ৰায় ১০ বজাত চাফাই কৰ্মীয়ে দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ চাফাই কাম কৰি আছিল। ইফালে তীব্ৰবেগী পিকআপ এখনে এই কৰ্মচাৰীসকলক মহতিয়াই নিয়ে। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে ৭ জন কৰ্মচাৰীৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সেই স্থানতে চিঞৰ-বাখৰ আৰু হুলস্থূল হয়। ওচৰৰ লোকসকলে লগে লগে আৰক্ষীক খবৰ দি আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত সহায় কৰে। ইয়াৰ পিছতে আৰক্ষী, এম্বুলেন্স আৰু পথ সুৰক্ষা সংস্থাৰ দল উপস্থিত হয়।
দুৰ্ঘটনাৰ পিছত পিকআপখনৰ চালকজনে গাড়ীখন ঠাইতে এৰি পলায়ন কৰে। আৰক্ষীয়ে তেওঁক বিচাৰি আছে। লগতে এক্সপ্ৰেছৱেৰ বিভিন্ন স্থানত স্থাপন কৰা চিচিটিভি কেমেৰাৰ সহায়ত তেওঁক চিনাক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। দুৰ্ঘটনাৰ আঁৰৰ কাৰণ জানিবলৈও প্ৰয়াস কৰা হৈছে।
আৰক্ষীৰ মুখপাত্ৰই জনোৱা মতে, দুৰ্ঘটনাত নিহত আৰু আহতসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। যিজন ঠিকাদাৰৰ অধীনত কৰ্মচাৰীসকলে কাম কৰি আছিল, সেইজনো এতিয়ালৈকে আগবাঢ়ি অহা নাই। ঠিকাদাৰৰ আগমনৰ পিছত আহত আৰু মৃতকক চিনাক্ত কৰা হ’ব।
Leave A Comment