ডিজিটেল ডেস্কঃ লণ্ডনত পুনৰ হত্যাৰ বলি হ’ল এগৰাকী ভাৰতীয় ছাত্ৰী। লণ্ডনৰ ৱেম্বলীত হায়দৰাবাদৰ এগৰাকী ২৭ বছৰীয়া ছাত্ৰীক নিৰ্মমভাৱে ছুৰীকাঘাত কৰি হত্যা কৰা হৈছে। উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ লণ্ডনলৈ যোৱা হায়দৰাবাদৰ কন্থম তেজস্বিনীক মঙলবাৰে পুৱা এটা আৱাসিক এলেকাত আক্ৰমণ কৰা হয় । আক্ৰমণকাৰীজনক এজন ব্ৰাজিলিয়ান লোখ বুলি চিনাক্ত কৰা হৈছে।
মেট্ৰ'পলিটান পুলিচে ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে আৰু হত্যাৰ সন্দেহত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। এই ঘটনাত তেজস্বিনীয়ে কৰুণভাৱে প্ৰাণ হেৰুওৱাৰ লগতে আন এগৰাকী মহিলাই জীৱন-মৰণৰ সৈতে যুঁজি আছে।
কি কাৰণত ভাৰতীয় ছাত্ৰীগৰাকীক আক্ৰমণ কৰা হ’ল সেয়া জানিব পৰা হোৱা নাই। এই আক্ৰমণৰ ঘটনাত ভাৰতীয় ছাত্ৰীগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়। এজন ২৪ বছৰীয়া পুৰুষ আৰু এগৰাকী ২৩ বছৰীয়া মহিলাক হত্যাৰ সন্দেহত ঘটনাস্থলীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ।ঘটনাটো সন্দৰ্ভত শেহতীয়াকৈ এজন ২৩ বছৰীয়া যুৱককো গ্ৰেপ্তাৰ কৰা হৈছে।
ডিটেকটিভ চীফ ইন্সপেক্টৰ লিণ্ডা ব্ৰেডলীয়ে আশ্বাস দিছে যে চোৰাংচোৱাৰ এটা দলে ঘটনাটোৰ নিষ্ঠাৰে তদন্ত কৰি আছে। তেজস্বিনীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে যোৱা বছৰ মাৰ্চ মাহত তেজস্বিনী লণ্ডনলৈ গৈছিল। তেওঁৰ মৃত্যুৰ খবৰে পৰিয়াল আৰু বন্ধুবৰ্গক বিধ্বস্ত কৰি তুলিছে।
Leave A Comment