• ধাৰাষাৰ বৰষুণেও স্তব্ধ কৰিব নোৱাৰে জীৱন যুদ্ধ! ছুইগী বয়ৰ ভিডিঅ' ভাইৰেল

    ৰাষ্ট্ৰীয়
    ধাৰাষাৰ বৰষুণেও স্তব্ধ কৰিব নোৱাৰে জীৱন যুদ্ধ! ছুইগী বয়ৰ ভিডিঅ' ভাইৰেল
    ডিজিটেল ডেস্কঃ জীৱন সংজ্ঞা সকলোৰে বাবে একে নহয়। যেতিয়া আপুনি আপোনাৰ ঘৰত বহি বৰষুণৰ বতৰত সন্ধিয়া একাপ চাহৰ জুতি লৈ খাদ্য ডিলিভাৰী এটা এপত অৰ্ডাৰ কৰা আহাৰৰ বাবে অপেক্ষা কৰি থাকে, 

    কিন্তু আপুনি সেই সময়ত ভাবিবও নোৱাৰে যে আপোনাৰ খাদ্য সময়মতে ডেলিভাৰী কৰিবলৈ এজন ডেলিভাৰী বয়ে কিমান কষ্ট কৰিব লগা হয়। কোনোৱে প্ৰচণ্ড ৰদতো আপোনাৰ ওচৰলৈ যদি খাদ্য লৈ আহিছে আন কোনোৱে আকৌ বৰষুণকো নেওঁচি খাদ্য বিতৰণ কৰি আহিছে। 

    শেহতীয়াকৈ, এজন ডেলিভাৰী বয় ট্ৰেফিক পইণ্টত অপেক্ষা কৰি থকা অৱস্থাত এটা ভিডিঅ' ভাইৰেল হৈছে।  যদি আপুনি ভিডিঅ'টো চায়, তেনেহলে আপুনি দেখিব যে ভিডিঅ'টো যুৱকজন একেবাৰে ঢলি পৰা দেখা গৈছে। হয়তো তেওঁ সেইসময়ত খুবেই ভাগৰি পৰিছে।

    ভিডিঅটোত ডেলিভাৰী বয়জনক বৰষুণ দি থাকোঁতে কোনো ৰেইনকোট পৰিধান কৰা নাছিল। ভিডিঅ'টো ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী দিনেশ কোম্মাই শ্বেয়াৰ কৰিছিল আৰু ইয়াৰ প্ৰায় ৫ মিলিয়ন দৰ্শন লাভ কৰিছে। অৱশ্যে, এই ভিডিঅ'টো ক'ত ৰেকৰ্ড কৰা হৈছে সেয়া এতিয়াও স্পষ্ট নহয়।