• আহমেদাবাদৰ ভয়ংকৰ দুৰ্ঘটনাৰ পিছত দুৰ্ঘটনাস্থলীত উষ্ণতা ১০০০° চেলছিয়াছলৈ বৃদ্ধি

    ৰাষ্ট্ৰীয়
    আহমেদাবাদৰ ভয়ংকৰ দুৰ্ঘটনাৰ পিছত দুৰ্ঘটনাস্থলীত উষ্ণতা ১০০০° চেলছিয়াছলৈ বৃদ্ধি
    ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে বিয়লি আহমেদাবাদত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। 

    বিমানখনত আছিল প্ৰায় ২৪১গৰাকী যাত্ৰী। জীৱন্তে জ্বলি গৈছিল সেই যাত্ৰীসকল। বৰ্তমান সেই স্থানত মাংসপিণ্ডৰ পৰা দুৰ্গন্ধ ওলাইছে। বতাহত বিয়পিছে সেই দুৰ্গন্ধ।

    উল্লেখযোগ্য যে বিস্ফোৰণৰ পিছত দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ চৌপাশৰ উষ্ণতা ১০০০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি হয়, যাৰ বাবে এতিয়া উদ্ধাৰ অভিযান অতি কঠিন হৈ পৰিছে। আনহাতে উষ্ণতা বৃদ্ধিৰ ফলত সেই স্থানৰ জীৱ-জন্তু আৰু চৰাইবোৰো জ্বলি ছাই হৈ গৈছে ।

    উৎসঃ দৈনিক জনমভূমি