• কেৰালাত নিপাহ ভাইৰাছৰ সংহাৰ, দুজনৰ মৃত্যু, কেন্দ্ৰই প্ৰেৰণ কৰিলে বিশেষ দল

    ৰাষ্ট্ৰীয়
    কেৰালাত নিপাহ ভাইৰাছৰ সংহাৰ, দুজনৰ মৃত্যু, কেন্দ্ৰই প্ৰেৰণ কৰিলে বিশেষ দল
    ডিজিটেল ডেস্কঃ  কেৰালাত পুনৰ নিপাহ ভাইৰাছৰ সমক্ৰমণৰ ঘটনা ধৰা পৰিছে৷ ইতিমধ্যে ৰাজ্য খনৰ  কোজিকোড জিলাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ  দুজন লোকৰ মৃত্যু ঘটিছে  বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই মঙলবাৰে নিশ্চিত কৰে। ব্যক্তিগত চিকিৎসালয়ৰ পৰা দুটা "অপ্ৰাকৃতিক" মৃত্যুৰ খবৰ পোৱাৰ পিছত কালি জিলা খনত স্বাস্থ্য সতৰ্কতা জাৰি কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷ পৰিস্থিতিৰ বুজ ল'বলৈ আৰু নিপাহ ভাইৰাছ সম্পৰ্কীয়  ব্যৱস্থাপনাৰ ক্ষেত্ৰত   ৰাজ্য চৰকাৰক সহায় কৰিবলৈ কেৰালালৈ প্ৰেৰণ কৰা এটা কেন্দ্ৰীয় দলে প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয়৷ 

    তেওঁ লগতে কয় যে নিপাহ ভাইৰাছত আক্ৰান্ত  হৈ কেৰালাত প্ৰথম মৃত্যুৰ ঘটনাটো  ৩০ আগষ্টত আৰু দ্বিতীয় মৃত্যুৰ ঘটনা সোমবাৰে হোৱা বুলিও তেওঁ মন্তব্য কৰে৷  কেৰালা চৰকাৰে কোজিকোডত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে আৰু লোকসকলক সতৰ্কতামূলক ব্যৱস্থা হিচাপে মুখা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে৷ মঙলবাৰে  কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে আৰু কয় যে যিসকলে ৰোগীৰ  সৈতে ঘনিষ্ঠ সম্পৰ্কত আছে তেওঁলোকে চিন্তা কৰাৰ কোনো কাৰণ নাই।"ৰোগীৰ সংস্পৰ্শলৈ অহাসকলক বিচাৰি উলিওৱা হৈছে আৰু চিকিৎসা কৰি থকা  হৈছে।

     উল্লেখ্য ২০১৮ চনত কোজিকোড আৰু মালাপ্পুৰম জিলাত নিপাহ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছিল আৰু পিছত ২০২১ চনত কোজিকোডত নিপাহ ভাইৰাছ সংক্ৰমণৰ  এটা ঘটনা ধৰা পৰিছিল। নিপাহ ভাইৰাছ মূলতঃ বাদুলিৰ দ্বাৰা বিয়পে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে  এই ভাইৰাছ মানুহৰ লগতে আন জীৱ-জন্তুৰ বাবেও সমানে মাৰাত্মক। নিপাহ ভাইৰাছত আক্ৰান্ত হ’লে ৰোগীয়ে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে জ্বৰ, পেশীৰ বিষ, মূৰৰ বিষ,  মূৰ ঘূৰোৱা আৰু ওকালি অহা আদি লক্ষণত ভোগে ৷


     


    উল্লেখ্য কিছুদিন পূৰ্বে  কেৰেলাত নতুন আতংকৰ ৰূপত আৱিৰ্ভাৱ হৈছিল আন এক ভাইৰাছ  নোৰোভাইৰাছ।বমি আৰু/বা ডায়েৰিয়া, মূৰৰ বিষ আদি এই ভাইৰাছত আক্ৰান্ত হোৱা জনৰ দেহত দেখা দিয়ে৷সাধাৰণতে দূষিত খাদ্য, পানী আদিৰ  জৰিয়তে নোৰোভাইৰাছ সংক্ৰমিত হ'ব পাৰে৷আক্ৰান্ত জনৰ দেহত পানীৰ পৰিমাণ কমি যায়, ফলত ডিহাইড্ৰেচন হ'ব পাৰে৷ 



    ন’ৰ’ ভাইৰাছ হৈছে মানুহৰ পাচনতন্ত্ৰত আক্ৰমণ কৰা এক প্ৰকাৰৰ ভাইৰাছ। এই ভাইৰাছে আক্ৰমণ কৰাৰ পিছতে মানুহ এজনৰ বমি আৰু ডায়েৰিয়া হ’বলৈ ধৰে।

    খাদ্য আৰু পানীৰ জৰিয়তেও এই ভাইৰাছ বিয়পি পৰিব পাৰে। তদুপৰি ৰোগীৰ বমি, শৌচ আদিৰ দ্বাৰাও এই ভাইৰাছ বিয়পি পৰে।


    উল্লেখ্য যোৱা বছৰৰ ৩ ছেপ্টেম্বৰত  কোজিকোডৰ বাসিন্দা এজন  কিশোৰজনৰ নিপাহ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল৷
    ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।